থীম ছঙত নাচি AICCৰ সাধাৰণ সম্পাদক তথা APCCৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে ক'লে- “থীম ছঙটো অসমৰ ৰাইজে প্ৰস্তুত কৰিছে আৰু আমি দিয়া পাঁচটা গেৰাণ্টী আমি চৰকাৰ গঠনৰ কেইমাহমানৰ পিছতে পূৰণ কৰিম ৷”
AICCৰ সাধাৰণ সম্পাদক সুৰজেৱালে ক'লে- “এইবাৰ BJPৰ শাসন ওফৰাই কংগ্ৰেছক শাসনলৈ আনিবলৈ সাজু হৈছে অসমবাসী ৷ আমি দিয়া পাঁচটা গেৰাণ্টী আমি কম দিনৰ ভিতৰত পালন কৰিম ৷ আমি জুমলা পাৰ্টি নহয় ৷ কংগ্ৰেছে কথা দিলে কথা ৰাখে ৷”