• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Assembly : ‘বৈচিত্ৰময় অসমখন বিভাজন কৰাৰ লক্ষ্য বিজেপিৰ, সেয়ে অসমত CAA প্ৰৱৰ্তন কৰিছে’ – সংবাদমেলত মন্তব্য কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীৰ

Assam-Assembly : ‘বৈচিত্ৰময় অসমখন বিভাজন কৰাৰ লক্ষ্য বিজেপিৰ, সেয়ে অসমত CAA প্ৰৱৰ্তন কৰিছে’ – সংবাদমেলত মন্তব্য কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীৰ

তিৱাৰীয়ে কয়, ‘‘২০১৬ চনত যিসমূহ সংকল্প ল’ব লাগিছিল সেয়া নহ’ল৷ বিপৰীতে পুনৰ ২১ত বিজেপিয়ে গ্ৰহণ কৰিছে সংকল্প৷ এয়া মিছা, প্ৰতাৰণা৷’’

তিৱাৰীয়ে কয়, ‘‘২০১৬ চনত যিসমূহ সংকল্প ল’ব লাগিছিল সেয়া নহ’ল৷ বিপৰীতে পুনৰ ২১ত বিজেপিয়ে গ্ৰহণ কৰিছে সংকল্প৷ এয়া মিছা, প্ৰতাৰণা৷’’

তিৱাৰীয়ে কয়, ‘‘২০১৬ চনত যিসমূহ সংকল্প ল’ব লাগিছিল সেয়া নহ’ল৷ বিপৰীতে পুনৰ ২১ত বিজেপিয়ে গ্ৰহণ কৰিছে সংকল্প৷ এয়া মিছা, প্ৰতাৰণা৷’’

  • Share this:
ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ৷ প্ৰতিটো প্ৰান্তত শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ৷ বাদ পৰি ৰোৱা নাই কংগ্ৰেছ (Congress) দলো৷ বুধবাৰে এক সংবাদমেল সম্বোধন কৰে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ নেতা প্ৰমোদ তিৱাৰীয়ে (Pramod Tiwari)৷ বিজেপি (BJP)ৰ সংকল্প পত্ৰক সমালোচনা কৰি তিৱাৰীয়ে কয়, ‘‘২০১৬ চনত যিসমূহ সংকল্প ল’ব লাগিছিল সেয়া নহ’ল৷ বিপৰীতে পুনৰ ২১ত বিজেপিয়ে গ্ৰহণ কৰিছে সংকল্প৷ এয়া মিছা, প্ৰতাৰণা৷’’

‘‘২০১৬ত গ্ৰহণ কৰা কিমান প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিজেপিয়ে, তাৰ উত্তৰ প্ৰথমে প্ৰকাশ কৰক৷ অসম এখন বৈচিত্ৰময় ৰাজ্য৷ বিভিন্ন ভাষা–ভাষী, সংস্কৃতিৰ ৰাজ্য৷ কিন্তু এই বৈচিত্ৰময় ৰাজ্যখন বিভাজন কৰাৰ লক্ষ্য বিজেপিৰ৷ সেয়ে অসমত CAA প্ৰৱৰ্তন কৰিছে৷ পিছে, কংগ্ৰেছ স্পষ্ট, আমি কথা নহয়, কামেৰে কৰিম৷ তাৰ বাবে ৫ গেৰাণ্টী প্ৰদান কৰা হৈছে অসমবাসীক৷ চৰকাৰ গঠন হোৱাৰ লগে লগে এই পাছ গেৰাণ্টী কাৰ্যকৰী কৰিম৷’’ – ক’লে কংগ্ৰেছ নেতাজনে।

‘‘বিজেপিৰ দিনত অসমত হ্ৰাস পাইছে GDP, বৃদ্ধি পাইছে মহিলাৰ ওপৰত উৎপীড়ন, দেশৰ ভিতৰত অসমত সৰ্বাধিক বৃদ্ধি নিবনুৱা সমস্যা, যিটো সমস্যা সমাধানৰ বাবে বিজেপি চৰকাৰে কাম কৰা নাই। বিগত নিৰ্বাচনত ‘সকলোৰে আনন্দ সৰ্বানন্দ’ বুলি ব্যাপক প্ৰচাৰ চলাইছিল। কিন্তু এইবাৰ এইবাৰ মৌন।’’ – সংবাদমেলত ক’লে কংগ্ৰেছ নেতাজনে।

ইতিহাসত প্ৰথম বাৰৰ বাবে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী আকৌ মুখ্যমন্ত্ৰী হ'ব বুলি নিৰ্বাচনী প্রচাৰ চলাব পৰা নাই৷ ইয়াৰ আৰত বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীক ব্যৰ্থ বুলি দাবী কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীৰ৷
Published by:Sanjay Kumar Das
First published: