"দাদা অসমৰ ৰাজনীতিত জনা-শুনা মানুহ। তেওঁ বঢ়মপুৰলৈ আহিলেই সকলো বুজি পাব। বঢ়মপুৰত কোন জিকিব তেওঁ আহিলেই বুজি পাব"- এই মন্তব্য বঢ়মপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেশ বৰাৰ।
উল্লখযোগ্য যে কাইলৈ বঢ়মপুৰৰ BJP প্ৰাৰ্থী জিতু গোস্বামী (Jitu Goswami)ৰ হৈ প্ৰচাৰ চলাবলৈ আহিব মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)। হিমন্ত বিশ্বৰ নিৰ্বাচনী প্ৰচাৰে বঢ়মপুৰত বিজেপিৰ ভেটি শক্তিশালী কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত সুৰেশ বৰাই কয়, " হিমন্ত বিশ্ব শৰ্মাক আমি শ্ৰদ্ধা কৰো। কিন্তু জিতু গোস্বামীৰ দৰে ব্যক্তিক বঢ়মপুৰ (Barhampur)ৰ ৰাইজে কোনো কাৰণতে নিবিচাৰে। বেংকত প্ৰবঞ্চনাৰ গোচৰ থকা এনে ব্যক্তিক টিকট দি বঢ়মপুৰত বিজেপি ডুবিব।"
উল্লেখযোগ্য যে বঢ়মপুৰত এইবাৰ কংগ্ৰেছৰ জয় নিশ্চিত বুলি মন্তব্য কৰি সুৰেশ বৰাই কয়, "বঢ়মপুৰৰ ৰাইজে উন্নয়ন বিচাৰে। আমি বিধায়ক নোহোৱাকৈয়ে বঢ়মপুৰৰ ৰাইজৰ বাবে বিগত ১০ বছৰে যথেষ্ট কাম কৰিছো। বঢ়মপুৰৰ ৰাইজৰ সুখ-দুখত আছো। সেয়ে বঢ়মপুৰৰ ৰাইজে স্থানীয় যুৱক হিচাপে মোকেই ভোট দিব। আমি বঢ়মপুৰ সমষ্টিৰ ঐতিহ্যমণ্ডিত উৰিয়াগাঁৱৰ যুৱক।"
উল্লেখযোগ্য যে ২০১১ আৰু ২০১৬ চনত বঢ়মপুৰৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাপে প্ৰফুল্ল কুমাৰ মহন্ত (Prafulla Kumar Mahanta)ৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা সুৰেশ বৰাই বিগত নিৰ্বাচনত বিজেপিৰ প্ৰৱল ঢৌৰ মাজতো অতি কম ব্যৱধানত পৰাজিত হৈছিল। সেয়ে এইবাৰ নিৰ্বাচনত বঢ়মপুৰত যে বিজেপি আৰু কংগ্ৰেছৰ তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব সেয়া নিশ্চিত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|