• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Assembly : মৰিয়নীত ৰূপজ্যোতিৰ বিৰুদ্ধে ৰণত নামিল ভাতৃ পূৰ্বজ্যোতি কুৰ্মী

Assam-Assembly : মৰিয়নীত ৰূপজ্যোতিৰ বিৰুদ্ধে ৰণত নামিল ভাতৃ পূৰ্বজ্যোতি কুৰ্মী

বিজেপিৰ মৰিয়নীৰ প্ৰাৰ্থী ৰমণী তাঁতীৰ হৈ ইখনৰ পিছত সিখন নিৰ্বাচনী সভাত ভাগ লৈছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ভাতৃ পূৰ্বজ্যোতি কুৰ্মীয়ে।

  • Share this:
ক্ৰমাৎ আকৰ্ষণীয় হৈছে মৰিয়নী (Mariani) সমষ্টিৰ নিৰ্বাচনী দৃশ্যপট। এইবাৰ মৰিয়নীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi)ৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰত নামিছে ৰূপজ্যোতি কুৰ্মীৰ ভাতৃ পূৰ্বজ্যোতি কুৰ্মী।বিজেপি (BJP)ৰ মৰিয়নীৰ প্ৰাৰ্থী ৰমণী তাঁতী (Ramani Tanti)ৰ হৈ ইখনৰ পিছত সিখন নিৰ্বাচনী সভাত ভাগ লৈছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ভাতৃ পূৰ্বজ্যোতি কুৰ্মীয়ে।

পূৰ্বজ্যোতি কুৰ্মীৰ মতে, উন্নয়নৰ স্বাৰ্থত এইবাৰ মৰিয়নীৰ ৰাইজ বিজেপিৰ পক্ষত। ইপিনে, গেৰুৱা দললৈ পুনৰ প্ৰত্যাৱৰ্তন কৰিছে মৰিয়নীৰ প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষে (Alak Kumar Ghosh)। কংগ্ৰেছৰ অভেদ্য দুৰ্গ মৰিয়নীত টিকট নোপোৱাৰ বাবে দল ত্যাগ কৰি অসম জাতীয় পৰিষদ (AJP)ত যোগদান কৰিছিল মৰিয়নী বিজেপিৰ অন্যতম শক্তিশালী নেতা অলক কুমাৰ ঘোষে। কিন্তু পুনৰ বিজেপিলৈ ঘুৰি আহি ৰমনী তাঁতীৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিছে অলক ঘোষ। মঙলবাৰে বঙালী ভোটাৰ আৰু চাহ বাগিচাৰ ভোটাৰক লৈ অলক ঘোষে এক বিশাল ৰেলী উলিয়ায়। উক্ত ৰেলীত ৰূপজ্যোতিৰ ভাতৃ পুৰ্বজ্যোতি কুৰ্মীয়েও অংশগ্ৰহণ কৰে।
Published by:Sanjay Kumar Das
First published: