পঞ্চদশ অসম বিধানসভাৰ ৬ এপ্ৰিলৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব পূব গুৱাহাটী সমষ্টিতো। ৫৩নং পূৱ গুৱাহাটী সমষ্টিত জয় নিশ্চিত বুলি দাবী কৰিলে সমষ্টিৰ দুবাৰৰ বিধায়ক কেপ্টেইন ৰবীন বৰদলৈৰ জীয়ৰী কংগ্ৰেছ প্ৰাৰ্থী অসীমা বৰদলৈয়ে।
"সিদ্ধাৰ্থ ভট্টাচাৰ্যক মোৰ দেউতাই হৰুৱাইছিল, এইবাৰ মই পৰাস্ত কৰিম" – এই মন্তব্য গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন কাউন্সিলাৰ তথা এইবাৰৰ নিৰ্বাচনৰ পূব গুৱাহাটী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী অসীমা বৰদলৈৰ।
ককা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আদৰ্শ শিৰত লৈ যুদ্ধক্ষেত্ৰত নামিছো বুলি কয় অসীমা বৰদলৈয়ে। বিগত পাঁচ বছৰত পূব গুৱাহাটী সমষ্টি বহু পিছুৱাই গ’ল বুলি কোৱা অসীমা বৰদলৈয়ে তাৰ বাবে দোষাৰোপ কৰে সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক।
পূব গুৱাহাটী সমষ্টিৰ উন্নয়ন দূৰৰ কথা সমষ্টিটোৰ ৰাইজক মন্ত্ৰীগৰাকীয়ে সাক্ষাতে নিদিয়ে বুলি কয় আসীমা বৰদলৈয়ে। "খোৱ পানীকে ধৰি দেউতাৰ আধৰুৱা কাম মই সম্পূৰ্ণ কৰিম" – এই মন্তব্য অসীমা বৰদলৈৰ।
সিদ্ধাৰ্থ ভট্টাচাৰ্যই কেতিয়াবা ৱাক অভাৰ দিয়াৰ কথা কয়, আকৌ কেতিয়াবা তেওঁৰেই জীয়ৰী বুলি কয়। তেওঁৰ জিয়ৰী হিচাপে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পৰা অসীমা বৰদলৈয়ে বিচাৰিছে আশিৰ্বাদ। যুজঁ দি পূব গুৱাহাটীত জয় হোৱাৰ সংকল্পও ল’লে প্ৰাক্তন কাউন্সিলাৰগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|