உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam-Assembly : বৰপেটাত খেলা নহয়, মেলা হ’ব – ক’লে কংগ্ৰেছ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদে

    Assam-Assembly : বৰপেটাত খেলা নহয়, মেলা হ’ব – ক’লে কংগ্ৰেছ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদে

    বৰপেটাত মহাজোঁটৰ প্ৰাৰ্থী হিচাপে যুঁজত নামিছে আমছুৰ প্ৰাক্তন সভাপতি, যুৱনেতা আব্দুৰ ৰহিম আহমেদ৷

    বৰপেটাত মহাজোঁটৰ প্ৰাৰ্থী হিচাপে যুঁজত নামিছে আমছুৰ প্ৰাক্তন সভাপতি, যুৱনেতা আব্দুৰ ৰহিম আহমেদ৷

    বৰপেটাত মহাজোঁটৰ প্ৰাৰ্থী হিচাপে যুঁজত নামিছে আমছুৰ প্ৰাক্তন সভাপতি, যুৱনেতা আব্দুৰ ৰহিম আহমেদ৷

    • Share this:
    বৰপেটাৰ হাউলীত বুধবাৰে বৰপেটা (Barpeta) সমষ্টিৰ কংগ্ৰেছ (Congress) প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদ (Abdur Rahim Ahmed)ৰ মুখ্য  নিৰ্বাচনী কাৰ্যালয়তো মুকলি কৰা হয়৷ সাংসদ আব্দুল খালেকে )Abdul Khalek) নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰা অনুষ্ঠানত বৰপেটাৰ কং প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদৰ মুখত শুনা গ'ল – বৰপেটাত খেলা নহয়, মেলা হ’ব আৰু ইতিমধ্যে মেলা চলিয়েই আছে৷

    বৰপেটাত মহাজোঁটৰ প্ৰাৰ্থী হিচাপে যুঁজত নামিছে আমছুৰ প্ৰাক্তন সভাপতি, যুৱনেতা আব্দুৰ ৰহিম আহমেদ৷ ২০১৬ চনৰ নিৰ্বাচনত কং প্ৰাৰ্থী হিচাপে বৰপেটাত প্ৰতিদ্বন্দ্বিতা কৰা আব্দুৰ ৰহিম আহমেদে কংগ্ৰেছ-এআইইউডিএফৰ মাজত হোৱা ভোট বিভাজনৰ বাবে অগপৰ গুণীন্দ্ৰ নাথ দাস (Gunindra Nath Das)ৰ হাতত প্ৰায় ৫ হাজাৰ ভোটত পৰাজিত হবলগীয়া হৈছিল৷

    পিছে বৰপেটা সমষ্টিৰ এইবাৰৰ নিৰ্বাচনী পৰিৱেশ সম্পূৰ্ণ সুকীয়া৷ মহাজোঁটৰ সমৰ্থনত বৰপেটা সমষ্টিত নিৰ্বাচনত নমা কংগ্ৰেছৰ আব্দুৰ ৰহিম আহমেদে কংগ্ৰেছৰ লগতে এআইইউডিএফ, বিপিএফৰো সমৰ্থন পাবলৈ সক্ষম হ’ব। ফলত বৰপেটাত আব্দুৰ ৰহিম আহমেদৰ বিজয় নিশ্চিত বুলি ধাৰণা কৰিছে সচেতন মহলে। সেয়ে ৰাজ্যৰ অন্য অন্য সমষ্টিসমূহৰ দৰে বৰপেটাত শুনিবলৈ পোৱা নাযায় ‘খেলা হবে' শ্লোগান৷

    তাৰ বিপৰীতে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদৰ মুখত শুনা গ'ল – ‘‘বৰপেটাত খেলা নহয়, মেলা হ’ব আৰু ইতিমধ্যে মেলা চলিয়েই আছে৷’’

    ইপিনে অকল বৰপেটা সমষ্টিয়েই নহয়, বৰপেটা জিলাৰ ৮টা সমষ্টিৰ ভিতৰত ৫টা সমষ্টিয়েই কংগ্ৰেছে দখল কৰিব বুলি মন্তব্য কৰে সাংসদ আব্দুল খালেকে৷ বৰপেটা সদৰ সমষ্টিৰ নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰি সাংসদ আব্দুল খালেকে সাংবাদিকৰ আগত ক’লে, ‘‘বৰপেটা জিলাৰ ৮টা সমষ্টিৰ ভিতৰত ৫টা সমষ্টিতেই কংগ্ৰেছ জয়ী হ’ব আৰু বাকী তিনিটা সমষ্টিত মহাজোঁটৰ অংশীদাৰ দল বিজয়ী হ’ব।’’
    Published by:Sanjay Kumar Das
    First published: