আজি অন্ত পৰিব অসম বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ। আজি অন্তিম দিনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰলৈ নিজ সমষ্টি জালুকবাৰীত এখন বিশাল ৰাজহুৱা সভাৰ আয়োজন কৰে। সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উচ্চ প্ৰশংসা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ' হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে বিপুল ভোটত জয়ী কৰাব বুলি মোৰ বিশ্বাস। আজি জালুকবাৰী সমষ্টিত যিমান ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান গঢ় লৈ উঠিছে, দলং নিৰ্মাণ হৈ আছে, এই সকলোবোৰ হোৱাৰ অন্তৰালত হিমন্ত বিশ্ব শৰ্মাৰ অৱদান আছে। জালুকবাৰীৰ ৯৫ শতাংশ লোকে হিমন্ত বিশ্ব শৰ্মাক ভোট দিব।'
'এইখন চৰকাৰে ৰাইজৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে কাম কৰিছো। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিভাগৰ দায়িত্ব সুচাৰু ৰূপে পালন কৰিছে। দক্ষতাৰে কাম কৰি অসমক প্ৰগতিৰ পথত অগ্ৰসৰ কৰিছে। মই আশীৰ্বাদ বিচাৰিছো। জালুকবাৰীৰৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক যি মৰম দিছে. তাৰ বাবেই দেশৰ বাবে নিস্বাৰ্থ সেৱা আগবঢ়াবলৈ সক্ষম হৈছে হিমন্ত বিশ্ব শৰ্মা।'
'জালুকবাৰীৰ প্ৰতিটো পৰিয়ালে হিমন্ত বিশ্বৰ পৰা মৰম আৰু আন্তৰিকতা লাভ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ নাম শুনিলে সকলোৱেই জয়ধ্বনি দিয়ে, ইয়া মানৱ জীৱনত বিৰল। সুদীৰ্ঘ কাল ৰাইজৰ বাবে কাম কৰিছে। নিষ্ঠাৰে কাম কৰিছে। কেতিয়াবা ২২ ঘণ্টা, ২৩ ঘণ্টা পৰ্যন্ত কাম কৰিছে। মই হিমন্ত বিশ্ব শৰ্মাকলৈ গৌৰাবান্বিত। আপোনালোকে সদায় হিমন্ত বিশ্ব শৰ্মাক মৰম দিব।'
শেষত ৰাইজৰ হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গামোচা পিন্ধাই সাৱটি ধৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 04, 2021, 16:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|