உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam-Assembly : আঙুৰলতা ডেকাৰ হৈ মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ, আঙুৰলতাই ক’লে – কংগ্ৰেছ গেছ দিয়া কল

    Assam-Assembly : আঙুৰলতা ডেকাৰ হৈ মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ, আঙুৰলতাই ক’লে – কংগ্ৰেছ গেছ দিয়া কল

    সৰ্বানন্দ সোণোৱালে ভাষণত কয় যে অসমৰ ৰাইজে এইবাৰ অসমক এখন আত্মনির্ভৰশীল অসম নিৰ্মাণ কৰাৰ নিমিত্তে সংকল্পবদ্ধ হ’ব লাগিব।

    সৰ্বানন্দ সোণোৱালে ভাষণত কয় যে অসমৰ ৰাইজে এইবাৰ অসমক এখন আত্মনির্ভৰশীল অসম নিৰ্মাণ কৰাৰ নিমিত্তে সংকল্পবদ্ধ হ’ব লাগিব।

    সৰ্বানন্দ সোণোৱালে ভাষণত কয় যে অসমৰ ৰাইজে এইবাৰ অসমক এখন আত্মনির্ভৰশীল অসম নিৰ্মাণ কৰাৰ নিমিত্তে সংকল্পবদ্ধ হ’ব লাগিব।

    • Share this:
    বটদ্ৰৱা (‍Batadrawa) সমষ্টিৰ অন্তৰ্গত ধিং গিৰিবালা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মঙলবাৰে অনুষ্ঠিত নিৰ্বাচনী সভাত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) বটদ্ৰৱা আৰু ধিং (Dhing) সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ক্ৰমে আঙুৰলতা ডেকা (Angoorlata Deka) আৰু সঞ্জীৱ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰে৷

    এই বিশাল নিৰ্বাচনী সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণত কয় যে অসমৰ ৰাইজে এইবাৰ অসমক এখন আত্মনির্ভৰশীল অসম নিৰ্মাণ কৰাৰ নিমিত্তে সংকল্পবদ্ধ হ’ব লাগিব। কাৰণ যোৱা পাঁচটা বছৰে বিজেপিয়ে অসমৰ ৰাইজক আস্থা আৰু বিশ্বাসত লৈ কাম কৰিছে। কংগ্ৰেছৰ কাৰ্যকালত দীৰ্ঘদিনীয়া দুৰ্নীতি আৰু অপশাসনৰ সেই নিকৃষ্ট পৰম্পৰাৰ অৱসান ঘটাই ভাৰতীয় জনতা পাৰ্টীয়ে সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিলে। যাৰ ফলত যোৱা পাঁচ বছৰৰ কাৰ্যকালত অসমৰ বুকুত বসবাস কৰা বৰাক–ব্ৰহ্মপুত্ৰ, পাহাৰ–ভৈয়ামৰ বৃহত্তৰ অসমীয়া সমাজখনে প্ৰাপ্য আৰু অধিকাৰ ভোগ কৰিবলৈ সক্ষম হ’ল আৰু নিকা নীতিৰে নিযুক্তি প্ৰক্ৰিয়া ব্যৱস্থা গ্ৰহণ কৰা হ’ল।

    ‘‘যোৱা পাঁচটা বছৰে চৰকাৰৰ আচঁনিৰ ধন কোনো মধ্যভোগীয়ে স্বাৰ্থ আদায় কৰাৰ সেই নিকৃষ্ট মানসিকতা নাইকিয়া কৰা হ’ল। ৬০ বছৰীয়া কংগ্ৰেছৰ শাসন কালত বহুত পিছুৱাই গ’ল অসমখন৷ কংগ্ৰেছে কোনোদিনে অসমখনক ভাৰতবৰ্ষৰ মানচিত্ৰত শক্তিশালী হিচাপে প্ৰতিষ্ঠা কৰাৰ পদক্ষেপ গ্ৰহণ নকৰিলে। বৰঞ্চ অসমৰ সম্পদ–সম্ভাৱনা শক্তিক সম্পূৰ্ণৰূপে অপপ্ৰয়োগ কৰি নিকৃষ্ট স্বাৰ্থ ব্যৱহাৰ কৰি অসমৰ ৰাইজক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰখাৰ অত্যন্ত নিকৃষ্ট ৰাজনীতি কৰি আহিলে। যাৰ ফলত অসম ক্ষতিগ্ৰস্ত হ’ল, অসমীয়া ক্ষতিগ্ৰস্ত হ’ল। কিন্তু ভাৰতীয় জনতা পার্টীয়ে এই অন্ধকাৰত থকা সমাজখনক পুনৰ পোহৰাবলৈ আনিবলৈ যিবিলাক পদক্ষেপ গ্ৰহণ কৰিলে, ইয়াৰ বাবে আজি অসমৰ বৰাক–ব্ৰহ্মপুত্ৰ, পাহাৰ–ভৈয়ামৰ সকলো ৰাইজ ঐক্যবদ্ধভাৱে থিয় হ’বলৈ সুযোগ লাভ কৰিলে।’’ – ক’লে মুখ্যমন্ত্ৰী সোণোৱালে।

    মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আজি আমাৰ চৰকাৰে কোনো বৈষম্য নীতি লোৱা নাই, আমাৰ চৰকাৰে প্ৰধানমন্ত্ৰীৰ যিটো সাৰ্বজনীন নীতি, সমাজ শক্তিশালী কৰাৰ নীতি, চবকা সাথ চবকা বিকাশ আৰু চবকা বিশ্বাস নীতিৰে ভাৰতবৰ্ষৰ প্ৰতিটো সম্প্রদায়ৰ লোকক সন্মান দিছে, নিৰাপত্তা দিছে, সুৰক্ষা প্রদান কৰিছে আৰু উন্নয়নৰ ক্ষেত্রত সমান্তৰাল সুবিধা প্ৰদৰ্শন কৰিছে। আৰু সেই নীতিকে লৈ আমিও অসমৰ বুকুত প্ৰতিটো আচঁনি সঠিকভাৱে ৰূপায়ন কৰিছো।’’

    ‘‘ৰাজনৈতিক দলবিলাকে অনাহকত বিজেপিক দোষাৰোপ কৰে যে আমি সাম্প্ৰদায়িক। প্ৰকৃতাৰ্থত আমি ভাৰতীয় জনতা পার্টীয়েই বৰ্তমানৰ ধৰ্মনিৰপেক্ষ দল৷ আমাৰ শাসনকালত আজি অসমৰ বুকুত বসবাস কৰা ধৰ্মীয় সম্প্রদায়ৰ লোকসকলে এই কথা স্বীকাৰ কৰিবই লাগিব যে আমি কোনো ক্ষেত্রতেই আপোনালোকক প্ৰাপ্যৰ বৰা বঞ্চিত কৰা নাই। প্ৰতিখন আঁচনিৰ ধন সংখ্যালঘু লোকে শতকৰাত শতকৰাই লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ কাৰ্যকালত কংগ্ৰেছৰ দৰে বিভিন্ন আচঁনিৰ নামত ধন সংগ্ৰহ কৰা ব্যক্তি নাইকিয়া হ’ল। কংগ্ৰেছৰ দিনত কেৱল ঘোচ দিব লগা হৈছিল আৰু ঘোচ দিলেহে কাম হৈছিল৷ কিন্তু আমাৰ কাৰ্যকালত সম্পূৰ্ণৰূপে পৰিৱৰ্তন ঘটোৱা হ’ল। আমি সততা–নিষ্ঠাৰে কাম কৰিলো, সু-শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে দুৰ্নীতিৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলাই দুৰ্নীতিগ্ৰস্থ বিষয়াক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলো। প্ৰকৃতাৰ্থত যদি ধৰ্ম নিৰপেক্ষ কোনোবা দল আছে সেয়াই হল ভাৰতীয় জনতা পার্টী।’’ – সভাত মন্তব্য মুখ্যমন্ত্ৰী সোণোৱালৰ।

    মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে  কোনো দিনেই কোনো ধৰ্মৰ মানুহক, কোনো সম্প্রদায়ৰ লোকক প্ৰাপ্যৰ বৰা বঞ্চিত কৰা নাই আৰু জীৱনত কেতিয়াও নকৰো। আমাৰ কাৰ্যকালত এটাও গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই, গোষ্ঠীগত সংঘৰ্ষৰ নামত এজনো লোক মৃত্যুমুখত পৰা নাই। কিন্তু কংগ্ৰেছৰ দিনত ধৰ্মৰ নামতো সংঘৰ্ষ হৈছিল। হিন্দু-মুছলমানৰ নামত কাজিয়া লগাইছিল, ভাষাৰ নামত কাজিয়া লগাইছিল, সম্প্রদায়ৰ নামত কাজিয়া লগাইছিল আৰু বহু নিৰীহ লোকে মৃত্যুক সাবটি লৈছিল। আমাৰ চৰকাৰে সংখ্যালঘু ছাত্ৰীসকলৰ বাবে ন খনকৈ মহাবিদ্যালয় স্থাপন কৰাৰ শক্তিশালী প্ৰদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছো। বিশখন সংখ্যালঘু অঞ্চলত আৱাসীক স্কুল ত্ৰিশ কোটি টকাকৈ ব্যয় সাপেক্ষে প্ৰতিষ্ঠা কৰিছো। কংগ্ৰেছে ৬০ বছৰে এই কাম কৰা নাছিল।

    কোনোবা চৰকাৰে যদি সংখ্যালঘুৰ বাবে যদি আটাইতকৈ বেছি কাম কৰিছে সেয়াই বিজেপি চৰকাৰ বুলিও মন্তব্য কৰে সোণোৱালে। সেইবাবেই আপোনালোকৰ মনৰ পৰা সকলো ধাৰণা উঠাই লওক আৰু আঙুৰলতা ডেকাক আপোনালোকে সহায় কৰিব লাগিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, ‘‘ইয়াত আঙুৰলতা ডেকা থকা মানে ইয়াৰ সকলো মানুহ সম্পূৰ্ণৰূপে সুৰক্ষিত থাকিব। ধৰ্মীয় সংখ্যালঘূ লোকক বিজেপি চৰকাৰখনে সুৰক্ষা দিছে, সন্মান দিছে। তাৰ পিছতো যদি আপোনালোকে বিভাজনৰ ৰাজনীতি কৰে তেন্তে সমাজখন কিন্তু দুৰ্বল হৈ যাব।’’

    অহা ২৭ তাৰিখে হ’ব লগা ভোটদান প্ৰক্ৰিয়াত পদুম ফুলৰ ছবিত ভোট দি আঙুৰলতা ডেকাৰ লগতে ধিঙৰ সঞ্জীৱ বৰাক জয়ী কৰাবলৈ আহব্বান জনায় মুখ্যমন্ত্রীগৰাকীয়ে। ইফালে, ন বিজেপি তথা প্ৰাক্তন মন্ত্ৰী গৌতম বৰায়ো এই নিৰ্বাচনী সভাত উপস্থিত থাকি আঙুৰলতা ডেকাক জয়ী কৰাবলৈ আহ্বান জনায়।

    ইফালে সভাৰ শেষত সাংবাদিকৰ আগত আঙুৰলতা ডেকাই কংগ্ৰেছক গেছ দিয়া কলৰ লগত তুলনা কৰি কয় যে গেছ দিয়া কল যেনেদৰে বাহিৰত পকা, দেখিবলৈ ধুনীয়া হয় কিন্তু ভিতৰত কেঁচা হয়, কংগ্ৰেছ দলো তেনেকুৱাই।
    Published by:Sanjay Kumar Das
    First published: