লখিমপুৰ (Lakhimpur)ত শনিবাৰে বিজেপিৰ দুই মহাৰথী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) আৰু সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) পৃথকে পৃথকে চলালে নিৰ্বাচনী প্ৰচাৰ৷ লখিমপুৰ জিলাৰ ১০৯নং বিহপুৰীয়া (Bihpuria)ত হিমন্ত বিশ্ব শৰ্মা আৰু ১১১নং লখিমপুৰ সমষ্টিত প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সোণোৱালে৷
লখিমপুৰৰ চাৰিওটা বিধানসভা সমষ্টিত তুংগত চলিছে নিৰ্ব্বাচনী প্ৰচাৰ। প্ৰতিটো দলৰ জ্যেষ্ঠ নেতাসকলে নিজ নিজ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত। শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাবুৱা (Chabua)ত প্ৰধানমন্ত্ৰীৰ প্ৰচাৰ সভাৰ অন্তত পোনে পোনে লখিমপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী মানৱ ডেকাৰ হৈ নিৰ্ব্বাচনী প্ৰচাৰৰ বাবে জহিং কৈইলামাৰী বাগান খেলপথাৰত উপস্থিত হয়।
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে অসমত প্ৰথমবাৰৰ বাবে বিজেপি দলে চৰকাৰ চলাই ক্ষীপ্ৰ গতিত উন্নয়ন কৰি বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে ৰাইজৰ সমাদৰ লাভ কৰিছে। চৰকাৰৰ বহু কৰিবলগীয়া কাম বাকী আছে। এইবাৰো ৰাইজে পুনৰ বিজেপিৰ চৰকাৰ গঠন কৰি পুনৰ সেৱাৰ বাবে সুবিধা দিব বুলি দৃঢ় বিস্বাস।
মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকসকলৰ কল্যাণৰ হকে চৰকাৰে কৰা উন্নয়নমূলক আঁচনিৰ কথা কৈ পুনৰ বিজেপি দলক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়। সভাত উপস্থিত থাকে বিজেপিৰ প্ৰাৰ্থী মানৱ ডেকা, সাংসদ প্ৰদান বৰুৱা, বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকা।
আনহাতে, একে সময়তে বিহপুৰীয়াত অমিয় কুমাৰ ভূঞাৰ হৈ প্ৰচাৰ চলালে হিমন্ত বিশ্ব শৰ্মাই৷ বিহপুৰীয়া মহাবিদ্যালয় খেলপথাৰত হেলিকপ্টাৰেৰে উপস্থিত হৈ বিহপুৰীয়া নগৰৰ মাজেৰে মটৰ চাইকেল ৰেলী কৰে হিমন্ত বিশ্ব শৰ্মাই৷ ইয়াৰ পিছতে উপস্থিত হয় সভাথলীত৷
ভাষণ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। বিহপুৰীয়াৰ কংগ্ৰেছ প্ৰাৰ্থী ভূপেন কুমাৰ বৰাক (Bhupen Borah) সমালোচনা কৰি কয় যে ভূপেন কুমাৰ বৰাক ভোট দিয়া মানে বদৰউদ্দিন আজমলক ভোট দিয়া৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|