বঙহৰ যুঁজ, হোজাইত বহুধা বিভক্ত বিজেপি

সংঘাতৰ বাবেই ২০২১ৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে হোজাইৰ পৰা বিজেপিৰ মুখপাত্ৰ ৰামকৃষ্ণ ঘোষক প্ৰক্ষেপৰ যো–জা চলাইছে।
সংঘাতৰ বাবেই ২০২১ৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে হোজাইৰ পৰা বিজেপিৰ মুখপাত্ৰ ৰামকৃষ্ণ ঘোষক প্ৰক্ষেপৰ যো–জা চলাইছে।
- News18 Assam
- Last Updated: August 21, 2020, 8:14 PM IST
নিৰ্বাচন যিমানেই কাষ চাপিছে সিমানেই হোজাই আৰু লামডিঙত টিকটকেন্দ্ৰিক সংঘাত বৃদ্ধি পাইছে। বিশেষকৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাস আৰু সাংগঠনিক সাধাৰণ সম্পাদক ফণী শৰ্মাৰ সৈতে হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ মনোমানিল্যই শিলাদিত্য দেৱৰ ৰাজনৈতিক কেৰিয়াৰত ফুলস্তপ লগাৰ দিশত আগবাঢ়িছে।
সংঘাতৰ বাবেই ২০২১ৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে হোজাইৰ পৰা বিজেপিৰ মুখপাত্ৰ ৰামকৃষ্ণ ঘোষক প্ৰক্ষেপৰ যো–জা চলাইছে। আৰ এছ এছ আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বৰ প্ৰিয় ৰামকৃষ্ণ ঘোষ। হোজাইৰ পুৰণি আৰ এছ এছ কৰ্মীৰ প্ৰিয় অৰ্জুন মজুমদাৰো আছে টিকটৰ দৌৰত। অৰ্জুন মজুমদাৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণী শৰ্মা আৰু আৰ এছ এছৰ শীৰ্ষ নেতা বশিষ্ঠ বুজৰবৰুৱাৰো প্ৰিয়পাত্ৰ। এনে প্ৰেক্ষাপটত হোজাইৰ টিকট অৰ্জুন মজুমদাৰ আৰু ৰামকৃষ্ণ ঘোষে লাভ কৰিলে কোনো আচৰিত হ’বলগীয়া নাথাকিব।
২০১১ চনত AIUDFৰ হাতত ১৮০০ ভোটত পৰাস্ত হোৱা সুশীল দত্তক ২০১৬ চনত চিপৰাং ৰাজনীতিৰে টিকট বঞ্চিত কৰিছিল তেওঁৰে একাংশ সতীৰ্থই। সেই গৰাকী প্ৰাক্তন বিধায়কৰ হাতত ধৰি এইবাৰ বিজেপিয়ে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা কৰিছে। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ পৰা গ্ৰীন ছিগনেল লাভ কৰি নিৰ্বাচনী যুঁজলৈ সাজু সুশীল দত্ত। কিন্তু হোজাই আৰু লামডিঙৰ দুয়োগৰাকী বৰ্তমানৰ বিধায়কক বঞ্চিত কৰি নতুন এজনক টিকট প্ৰদান কৰিলে বিজেপি কিমান দূৰ সফল হ’ব সেয়া সময়েহে ক'ব৷