সোমবাৰে নাজিৰা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷ নাজিৰাৰ মেকিপুৰ চাহ বাগিচাৰ পূজা মণ্ডপত এখন বিশাল নিৰ্বাচনী সভাত ভাগ লৈ ভূপেশ বাঘেলে নাজিৰা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় ৷
সভাত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে মোদী চৰকাৰক সমালোচনা কৰি কয় যে, 'চৰকাৰে ধন দিয়া ,চাকৰি দিয়া ,অনুপ্ৰবেশকাৰীক বিতাড়ন কৰাৰ প্ৰতিশ্ৰুতি দি মিছাৰ আশ্ৰয় লৈছে। নৰেন্দ্ৰ মোদীয়ে আনকি চাহ জনগোষ্ঠীকো প্ৰতাৰণা কৰিলে।'
ইফালে কংগ্ৰেছ শাসনলৈ আহিলে পাঁচটা গেৰাণ্টী (congress 5 guarantee)কাৰ্যত ৰূপ দিব বুলিও উল্লেখ কৰে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। সভাত বাঘেলৰ লগতে
অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ, সাংসদ আব্দুল খালেকৰ লগতে বহু সংখ্যক কংগ্ৰেছ নেতা কৰ্মী উপস্থিত থাকে ৷Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|