உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Assembly Election 2021 : ধৰ্মপুৰত এইবাৰ চন্দ্ৰমোহন নে চন্দ্ৰগ্ৰহণ! পাটোৱাৰীয়ে ক’লে – ৰাইজৰ দুখৰ সময়ত মই হিমালয় হৈ থিয় দিও!

    Assam Assembly Election 2021 : ধৰ্মপুৰত এইবাৰ চন্দ্ৰমোহন নে চন্দ্ৰগ্ৰহণ! পাটোৱাৰীয়ে ক’লে – ৰাইজৰ দুখৰ সময়ত মই হিমালয় হৈ থিয় দিও!

    চন্দ্ৰমোহন পাটোৱাৰীৰ দাবী, ধৰ্মপুৰ (Dharmapur) সমষ্টিত কোনো এটা কেঁচা ৰাস্তা নাই৷ ডেৰ কিলোমিটাৰৰ মূৰে মূৰে হাস্পতাল স্থাপন কৰা হৈছে৷

    চন্দ্ৰমোহন পাটোৱাৰীৰ দাবী, ধৰ্মপুৰ (Dharmapur) সমষ্টিত কোনো এটা কেঁচা ৰাস্তা নাই৷ ডেৰ কিলোমিটাৰৰ মূৰে মূৰে হাস্পতাল স্থাপন কৰা হৈছে৷

    চন্দ্ৰমোহন পাটোৱাৰীৰ দাবী, ধৰ্মপুৰ (Dharmapur) সমষ্টিত কোনো এটা কেঁচা ৰাস্তা নাই৷ ডেৰ কিলোমিটাৰৰ মূৰে মূৰে হাস্পতাল স্থাপন কৰা হৈছে৷

    • Share this:
    ‘‘আপোনালোক মোৰ অভিভাৱক৷ ১৯৮৫ চনত ৬ হাজাৰ ৫ শ টকাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলো৷ এই যাত্ৰা অব্যাহত ৰাখিব বিচাৰো৷ আপোনালোকে যিধৰণে অভিভাৱকৰ দায়িত্ব পালন কৰিছে, ময়ো সন্তানৰ দায়িত্ব পালন কৰিছো৷ এয়া মোৰ কৰ্তব্য৷’’ – ধৰ্মপুৰ ৰাইজক সম্বোধন কৰি মনোনয়ন পত্ৰ দাখিলৰ দিনটোত সমষ্টিবাসীক উদ্দেশ্যি ক’লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Chandra Mohan Patowary)৷

    পাটোৱাৰীয়ে ক’লে, ‘‘সমষ্টিত মই সদায় আহি নাথাকো, এইটো সঁচা কথা৷ কিন্তু সমষ্টিবাসীৰ যেতিযাই দুখ হয়, তেতিয়াই দুখৰ দিনত হিমালয় পৰ্বতসম হৈ থিয় দিওঁ আপোনালোকৰ সন্মুখত৷ আপোনালোকৰ লগত সদায় থিয় হৈ আছো আৰু থাকিম৷ সততা আৰু নিষ্ঠাৰে আপোনালোকক বহুত দিব পৰা নাই হয় কিন্তু ১০ টকা হ’লেও দিছো৷ যোৱা ৫ বছৰত দিনত সময় দিব নোৱাৰিলেও পুৱা চাৰি বজালৈ লগ কৰিছো, ফোনত খবৰ লৈছো ৷ বানপানীৰ সময়ত সদায় আছো৷’’

    চন্দ্ৰমোহন পাটোৱাৰীৰ দাবী, ধৰ্মপুৰ (Dharmapur) সমষ্টিত কোনো এটা কেঁচা ৰাস্তা নাই৷ ডেৰ কিলোমিটাৰৰ মূৰে মূৰে হাস্পতাল স্থাপন কৰা হৈছে৷ সমষ্টিত নিজ হাতে ৫খন কলেজ স্থাপন সম্ভৱ হৈছে৷

    ধৰ্মপুৰ সমষ্টিৰ বৰ্তমানৰ বিধায়কগৰাকীয়ে লগতে কয়, ‘‘সকলো দুখীযা মানুহে ঘৰ পাব, টয়লেট পাব৷ পাব বিশুদ্ধ খোৱাপানী৷’’

    ইপিনে চন্দ্ৰমোহনৰ দাবীৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীৰ দাবী, এইবাৰ ধৰ্মপুৰত চন্দ্ৰগ্ৰহণ হ’ব৷ বিপৰীতে সমষ্টিটোত জয় হ’ব কংগ্ৰেছ৷ সমষ্টিবাসীক সময় নিদিয়ে চন্দ্ৰমোহনে৷ উন্নয়নৰ নামত ফটা ঢোল আখ্যা ৰাতুল পাটোৱাৰীৰ৷
    Published by:Sanjay Kumar Das
    First published: