মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam-Assembly : ‘হাগ্ৰামা মুখ্যমন্ত্ৰী হ’লে এদিনতে অসম বিক্ৰী কৰিব, বিটিচি চলাব নোৱাৰাজনে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখি লাভ নাই’

Assam-Assembly : ‘হাগ্ৰামা মুখ্যমন্ত্ৰী হ’লে এদিনতে অসম বিক্ৰী কৰিব, বিটিচি চলাব নোৱাৰাজনে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখি লাভ নাই’

প্ৰমোদ বড়োৱে কয়, বিজেপি চৰকাৰে শান্তি চুক্তিৰ জৰিয়তে বড়োসকলৰ মাজলৈ শান্তি আনিছে আৰু উন্নয়নৰ পৰিৱেশ আনিছে৷

প্ৰমোদ বড়োৱে কয়, বিজেপি চৰকাৰে শান্তি চুক্তিৰ জৰিয়তে বড়োসকলৰ মাজলৈ শান্তি আনিছে আৰু উন্নয়নৰ পৰিৱেশ আনিছে৷

প্ৰমোদ বড়োৱে কয়, বিজেপি চৰকাৰে শান্তি চুক্তিৰ জৰিয়তে বড়োসকলৰ মাজলৈ শান্তি আনিছে আৰু উন্নয়নৰ পৰিৱেশ আনিছে৷

  • Share this:
নিৰ্বাচনী প্ৰচাৰৰ মাজতে নেতাৰ বাকযুদ্ধ তুংগত উঠিছে ৷ এইবাৰ হাগ্ৰামা মহিলাৰী (Hagrama Mahilary) আৰু প্ৰমোদ বড়ো (Pramod Boro)ৰ মাজত বাকযুদ্ধ৷ হাগ্ৰামা মহিলাৰীয়ে হিমন্ত বিশ্বতকৈ আগত তেওঁহে মুখ্যমন্ত্ৰী হ’ব আৰু তেওঁ থকালৈকে হিমন্ত বিশ্বৰ (Himanta Biswa Sarma) সুযোগ নাই বুলি কোৱা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে।

ঢেকিয়াজুলিৰ বিজেপি প্ৰাৰ্থী অশোক সিংঘাল (Ashok Singhal)ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কয় - ‘‘হাগ্ৰামা মহিলাৰী যদি অসমৰ মুখ্যমন্ত্ৰী হয়, অসমখন তলা লগাই এদিনতে অসম বিক্ৰী কৰিব৷ যিখন বিটিচি পৰিষদত ১৭ বছৰে হাগ্ৰামাই লুটি–পুতি খালে, সেইখন পৰিষদৰ বড়ো ভাইসকলৰ তেজৰ বিনিময়ত সৃষ্টি হোৱা পৰিষদৰ প্ৰতি যদি তেওঁৰ অলপো দায়বদ্ধতা নাই, সন্মান নাই, সেইজন ব্যক্তি অসমৰ ক্ষমতা পালে এদিনতে অসম বিক্ৰী কৰি খাব৷’’

‘‘হাগ্ৰামা মহিলাৰী এজন ডাঙৰ বেপাৰী৷ বদৰুদ্দিন আজমল (Badruddin Ajmal) এজন বেপাৰী, আনফালে হাগ্ৰামাও এজন বেপাৰী৷ তেওঁলোকে বেপাৰ কৰিবলৈ এইবিলাক কৰিছে৷ মহাজোঁটত এজনো স্পষ্ট মুখ নাই৷’’ – ক’লে প্ৰমোদ বড়োৱে।

প্ৰমোদ বড়োৱে কয়, এনএলএফবি ৰাজনৈতিক ষড়যন্ত্ৰত সৃষ্টি হোৱা সংগঠন হয়৷ তেওঁলোক শীঘ্ৰে ঘূৰি আহক৷ এইটো সময়ত জংঘলত থাকি সংগ্ৰাম কৰাৰ নহয়৷ নিজৰ পৰিয়াল আৰু সমাজৰ লগত থাকি জাতিৰ উন্নয়নৰ হকে কাম কৰাৰ সময়৷

হাগ্ৰামা মহিলাৰীক সমালোচনা কৰি বড়োৱে কয়- মই অহিংস নীতিত চলা ব্যক্তি৷ হিংসাক মই সমৰ্থন নকৰো৷

নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিটিআৰ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয়, বিজেপি চৰকাৰে শান্তি চুক্তিৰ জৰিয়তে বড়োসকলৰ মাজলৈ শান্তি আনিছে আৰু উন্নয়নৰ পৰিৱেশ আনিছে৷ এসময়ত পুলিচ-মিলিটাৰীয়ে বড়ো যুৱকক বিচাৰি আহিছিল, বিভিন্ন সময়ত অত্যাচাৰ কৰিছিল৷ কিন্তু এতিয়া সেই পৰিৱেশ নাই৷ আমি সুখ-শান্তিত বসবাস কৰাৰ সুযোগ পাইছো৷

বিটিচি প্ৰধানগৰাকীয়ে কয়, বিজেপি (BJP)য়ে আমাৰ উন্নয়নৰ কথা চিন্তা কৰিছে সেই কাৰণে আমি বিজেপিৰ লগত মিত্ৰতা কৰিছো৷ হাগ্ৰামা মহিলাৰী এজন দুৰ্নীতিগ্ৰস্ত ব্যক্তি৷ মহিলাৰীয়ে যোৱা সোতৰ বছৰে বিটিচি পৰিষদত লুণ্ঠণৰাজ চলাইছে৷ দুৰ্নীতি-অনিয়মৰ আশ্ৰয় লৈ সম্পত্তিৰ পাহাৰ গঢ়িছে৷ দুৰ্নীতিৰ টকাৰে হোটেল খুলিছে, শ্বপিং মল বনাইছে। এই দুৰ্নীতিগ্ৰস্ত মহিলাৰীৰ কথা এতিয়া বড়ো ৰাইজে নুশুনে৷

BTRৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে মন্ত্ৰী চন্দন ব্ৰহ্ম (Chandan Brahma) আৰু প্ৰমিলাৰাণী ব্ৰহ্ম (Pramila Rani Brahma)কো চোকা সমালোচনা কৰে৷ তেওঁ কয়, মন্ত্ৰী চন্দন ব্ৰহ্ম, প্ৰমিলাৰাণী ব্ৰহ্ম আৰু হাগ্ৰামা মহিলাৰীয়ে বড়ো জাতিৰ কল্যাণৰ কাৰণে একো কাম নকৰিলে৷ তেওঁলোক যোৱা সোতৰ বছৰে শাসনৰ গাদীত মত্ত হৈ থাকিল যদিও বড়ো সকলৰ কল্যাণৰ বাবে মাত নামাতিলে৷ যাৰ বাবে বড়ো জাতি উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি থাকিল বুলি প্ৰমোদ বড়োৱে উল্লেখ কৰে৷

বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৱে  কংগ্ৰেছকো (Congress) তীব্ৰ সমালোচনা কৰে ৷ তেওঁ কয়, কংগ্ৰেছত এতিয়া দূৰদৰ্শী নেতা নাই৷ তৰুণ গগৈ (Tarun Gogoi)ৰ পিছত কংগ্ৰেছত আন দ্বিতীয়জন দূৰদৰ্শী নেতা ওলোৱা নাই৷ ৰাইজে কাৰ মুখ চাই ভোটদান কৰিব বুলি প্ৰমোদ বড়োৱে মন্তব্য কৰে৷

শেহতীয়া বাতৰি