কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী (Hagrama Mahilary)য়ে ঢেকিয়াজুলি সমষ্টিত চলালে নিৰ্বাচনী প্ৰচাৰ৷ ঢেকিয়াজুলিৰ উত্তৰাঞ্চলৰ আবৈ চেন্টাৰত কংগ্ৰেছ প্ৰাৰ্থী বেণুধৰ নাথৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি হাগ্ৰামাই টাৰ্গেট কৰি ল’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক৷ নিৰ্বাচনী প্ৰচাৰ সভাত হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয়- ‘‘হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে৷ তেওঁৰ সপোন কেতিয়াও পূৰণ নহয়৷ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা নাই হিমন্ত বিশ্বৰ৷ মুখ্যমন্ত্ৰী হোৱাৰ ভাগ্যও হিমন্ত বিশ্বৰ নাই৷ মই প্ৰথমে মুখ্যমন্ত্ৰী হ’ম তাৰ পিছত হিমন্ত বিশ্বই সুবিধা পাব৷ মই থকাত হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হ’ব নোৱাৰে৷’’
‘‘বিজেপিত মুখ্যমন্ত্ৰীক লৈ কাজিয়া আছে, সেইবাবে বিজেপিৰ পৰা ওলাই আহিছো৷ চৰকাৰ গঠন হোৱাই নাই তাৰ পূৰ্বে বিজেপিত মুখ্যমন্ত্ৰীক লৈ টনা–টনি চলিছে দুজনৰ মাজত৷ কংগ্ৰেছ মহাজোঁটে ১০১টা আসনৰে চৰকাৰ গঠন কৰিব৷’’ – ক’লে হাগ্ৰামা মহিলাৰীয়ে।
উল্লেখযোগ্য যে আজি ঢেকিয়াজুলিৰ উত্তৰাঞ্চলৰ বনগাঁৱত ঢেকিয়াজুলিৰ কংগ্ৰেছ প্ৰাৰ্থী বেণুধৰ নাথৰ হৈ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়৷ উক্ত সভাত হাগ্ৰামাই হিমন্ত বিশ্ব শৰ্মাক চোকা সমালোচনা কৰি কয় - ‘‘শ্ৰীৰামপুৰ, বক্সিহাটৰ চুপাৰি, পান, মাছ, গৰু, কয়লা আদি ছিণ্ডিকেটৰ টকা হিমন্তই ভাগ পায়৷ বড়ো জাতিক হিমন্তই ধ্বংস কৰিব বিচাৰিছে৷ সেইবাবে বিজেপিক আগন্তুক দিনত উৎখাত কৰিব লাগিব।’’
ইপিনে, ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘাল (Ashok Singhal)ক মাফিয়া আখ্যা দি হাগ্ৰামাই কয়- অশোক সিংঘাল এইবাৰ হাৰিব৷ বড়ো ৰাইজৰ একো কাম কৰা নাই অশোক সিংঘালে৷
আনহাতে, কেইদিনমান পূৰ্বে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা (Padma Hazarika)ই হাগ্ৰামাক পাম নোহোৱা বেলুনৰ সৈতে তুলনা কৰা প্ৰসংগত হাগ্ৰামাই প্ৰত্তুত্যৰ দি কয় - এইবাৰ নিৰ্বাচনত পদ্ম হাজৰিকাই গম পাব পাম আছে নে নাই মোৰ৷ পদ্ম হাজৰিকাও এইবাৰ চতিয়াত হাৰিব বুলি ভৱিষ্যদ্বাণী কৰে হাগ্ৰামাই৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|