• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Assembly : বানমুক্ত অসম, শুদ্ধ NRC..., অসমৰ বাবে নিৰ্বাচনী ইস্তাহাৰত বিজেপিৰ ১০টা ডাঙৰ ‘সংকল্প’

Assam-Assembly : বানমুক্ত অসম, শুদ্ধ NRC..., অসমৰ বাবে নিৰ্বাচনী ইস্তাহাৰত বিজেপিৰ ১০টা ডাঙৰ ‘সংকল্প’

অসমৰ বাবে প্ৰকাশ কৰা ইস্তাহাৰত কি কি ১০টা গুৰুত্বপূৰ্ণ বিষয়ে স্থান পালে চাওক আহক।

অসমৰ বাবে প্ৰকাশ কৰা ইস্তাহাৰত কি কি ১০টা গুৰুত্বপূৰ্ণ বিষয়ে স্থান পালে চাওক আহক।

অসমৰ বাবে প্ৰকাশ কৰা ইস্তাহাৰত কি কি ১০টা গুৰুত্বপূৰ্ণ বিষয়ে স্থান পালে চাওক আহক।

  • Share this:
ভাৰতীয় জনতা পাৰ্টী (BJP)য়ে অসম বিধানসভা নিৰ্বাচন (Assam Assembly election 2021)লৈ লক্ষ্য ৰাখি মঙলবাৰে জাৰি কৰিলে ইস্তাহাৰ। বিজেপিয়ে এই ইস্তাহাৰত ১০টা গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰিছে। বিজেপিয়ে ‘অসমৰ বাবে ১০ সংকল্প’ নামেৰে প্ৰকাশ কৰিছে এই নিৰ্বাচনী ইস্তাহাৰ। অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে।

অসমৰ বাবে প্ৰকাশ কৰা ইস্তাহাৰত কি কি ১০টা গুৰুত্বপূৰ্ণ বিষয়ে স্থান পালে চাওক আহক।

১. মিছন ব্ৰহ্মপুত্ৰ আৰম্ভ কৰা হ’ব যাতে অনাগত দিনত বানৰ পৰা জন–ধন সুৰক্ষিত কৰিব পৰা যায়। বিজেপিয়ে প্ৰতিশ্ৰুতি দিছে যে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ অতিৰিক্ত পানী ষ্ট’ৰ কৰাৰ বাবে ৰিজাৰ্ভৱায়াৰ বনোৱা হ’ব। লগতে ধুবুৰীৰ পৰা শদিয়ালৈ বিশেষ মেচিনেৰে নদীৰ আৱৰ্জনা পৰিষ্কাৰ কৰা হ’ব।

২. অসমৰ মহিলাসকলক আৰু অধিক সবল কৰা হ’ব। বিজেপিয়ে কয় যে ৩০ লাখ পৰিয়ালক অৰুণোদয় আঁচনিত সামৰি লোৱা হৈছে। এই আঁচনিৰ জৰিয়তে বৰ্তমান লাভ কৰি থকা ৮৩০ টকাৰ পৰিমাণ বৃদ্ধি কৰি ৩০০০ কৰা হ’ব।

৩. নামঘৰ আৰু সত্ৰৰ সংৰক্ষণ কৰিব। আদিবাসী আৰু আদিবাসী সম্প্ৰদায়ৰ উপাসনাস্থলীসমূহ উদ্ধাৰৰ বাবে টাস্ক ফ’ৰ্চ গঠন কৰা হ’ব যিয়ে এই স্থানসমূহ অবৈধ দখলৰ পৰা মুক্ত কৰিব।

৪. মিছন শিশু উন্নয়নৰ জৰিয়তে প্ৰতিটো শিশুক বিনামূলীয়া শিক্ষা। অষ্টম শ্ৰেণীলৈ সকলো স্কুলীয়া শিশুক চাইকেল দিয়া হ’ব।

৫. এন আৰ চিৰ শুধৰণি কৰা হ’ব যাতে ভাৰতীয় নাগৰিকে সুৰক্ষা লাভ কৰে আৰু অবৈধ লোকসকল এনআৰচিৰ বাহিৰত ৰখা হ’ব।

৬. অসমৰ লোকসকলক ৰাজনৈতিক অধিকাৰ ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বিজেপি।

৭. অসম আহাৰ আত্মনিৰ্ভৰ আঁচনি আৰম্ভ কৰা হ’ব। বিজেপিয়ে কয় যে এই আঁচনিয়ে অসমত খাদ্য সামগ্ৰী, বিশেষকৈ মাছ, হাঁহ–কুকুৰা, দুগ্ধ উৎপাদন আৰু উদ্যান শস্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব।

৮. অসমৰ নিবনুৱাক ২ লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি। ইয়াৰ ভিতৰত ১ লাখ চাকৰি ২০২২ চনৰ ১ মাৰ্চৰ পূৰ্বে দিয়া হ’ব।

৯. স্বামী বিবেকানন্দ অসম য়ুথ এমপ্লইমেণ্ট যোজনাৰ জৰিয়তে ১০ লাখ যুৱ ব্যৱসায়ীক সহায় কৰাৰ প্ৰতিশ্ৰুতি।

১০. ভূমি পট্টা প্ৰদান।
Published by:Sanjay Kumar Das
First published: