নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই তৎপৰ হৈছে অসম প্ৰদেশ বিজেপি ৷
নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই তৎপৰ হৈছে অসম প্ৰদেশ বিজেপি ৷
নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই তৎপৰ হৈছে অসম প্ৰদেশ বিজেপি ৷ কংগ্ৰেছ মহাজোঁটবন্ধনৰ সকলো ৰণকৌশল ব্যৰ্থ কৰিবলৈ বিজেপিয়ে ৰচনা কৰি গৈছে ইটোৰ পিছত সিটো ৰণকৌশল ৷
অসম প্ৰদেশ বিজেপিক লক্ষ্যত উপনীত কৰাবলৈ অসমলৈ সোঁত বৈছে ইজনৰ পিছত সিজন ৰাষ্ট্ৰীয় নেতাৰ ৷ ৬ ফেব্ৰুৱাৰীত অসমলৈ আহিব ৰাষ্ট্ৰীয় সাংগঠনিক সাঃ সম্পাদক বি এল সন্তোষ ৷ ৬ ফেব্ৰুৱাৰীতে অসমলৈ আহিব বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ ৷ নিৰ্মলা সীতাৰমণৰ আগমনৰ পিছদিনাই ঢেকীয়াজুলিত বৃহৎ জনসভাত ভাগ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷
ঠিক একেদৰে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই অসমৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডা আৰু সহঃ প্ৰভাৰী পৱন শৰ্মাই কৰি গৈছে ইখনৰ পিছত সিখন বৈঠক ৷ বিজেপিৰ সমানে সমানে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘয়ো অব্যাহত ৰাখিছে বৈঠক ৷ ৬ ফেব্ৰুৱাৰীত আদিংগিৰীত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ হ'ব পূৰ্ণকালীন বৈঠক ৷ ইফালে শেহতীয়াকৈ অসম প্ৰদেশ বিজেপিৰ নিৰ্বাচন প্ৰভাৰীৰ দায়িত্ব লোৱা মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু সহঃ প্ৰভাৰী জিতেন্দ্ৰ সিঙেও কৰিব অসম ভ্ৰমণ ৷
ইয়াৰ মাজতে বিজেপিয়ে খোলা ৩৮ হাজাৰ হোৱাটছ্এপ গ্ৰুপক ইতিমধ্যেই সক্ৰিয় কৰি তুলিছে তিনি লাখ যোদ্ধাই ৷ আমাৰ হাতত থকা তথ্য অনুসৰি নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে উৰুৱাব ৬ খনকৈ হেলিকপ্টাৰ। এখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাবে, এখন মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বাবে, এখন সভাপতি ৰঞ্জিত দাসৰ বাবে আৰু তিনিখন হেলিকপ্টাৰ থাকিব ষ্টেণ্ডবাই ৷ মুঠৰ ওপৰত শক্তিশালী ৰূপত বিজেপি নামিছে এতিয়া নিৰ্বাচনী পথাৰত ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|