OPINION - ২৩ মার্চত প্ৰকাশ পাব বিজেপিৰ ইস্তাহাৰ, কি হ’ব CAAক লৈ বিজেপিৰ প্ৰতিশ্ৰুতি?

News18 Assam | News18-Assam
Updated:March 22, 2021, 5:34 PM IST
OPINION - ২৩ মার্চত প্ৰকাশ পাব বিজেপিৰ ইস্তাহাৰ, কি হ’ব CAAক লৈ বিজেপিৰ প্ৰতিশ্ৰুতি?
পশ্চিম বংগত বিজেপিয়ে গাদী দখল কৰাৰ পিছত হ’বলগীয়া প্ৰথমখন কেবিনেট বৈঠকতে আইনখন কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

পশ্চিম বংগত বিজেপিয়ে গাদী দখল কৰাৰ পিছত হ’বলগীয়া প্ৰথমখন কেবিনেট বৈঠকতে আইনখন কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

  • Share this:
কাইলৈ (মাৰ্চ ২৩) শাসকীয় ভাৰতীয় জনতা পাৰ্টী (BJP)য়ে প্ৰকাশ কৰিব অসমৰ নিৰ্বাচনী ইস্তাহাৰ। গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই (JP Nadda) গুৱাহাটীত প্ৰকাশ কৰিব বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পত্ৰ। নাগৰিকত্ব সংশোধনী আইন (CAA)ক লৈ বিজেপিয়ে কি প্ৰতিশ্ৰুতি প্ৰদান কৰে সেয়া এই মুহূৰ্তত হৈ পৰিছে ডাঙৰ প্ৰশ্ন। ইতিমধ্যে পশ্চিম বংগ (West Bengal)ৰ বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ বিজেপিয়ে প্ৰকাশ কৰিছে।

চুবুৰীয়া ৰাজ্যখনত বিজেপিয়ে গাদী দখল কৰাৰ পিছত হ’বলগীয়া প্ৰথমখন কেবিনেট বৈঠকতে আইনখন কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ‘সোণাৰ বাংলা সংকল্প পত্ৰ’ শীৰ্ষক মেনিফেষ্ট’খন মুকলি কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় – “আমি প্ৰথমখন কেবিনেট বৈঠকতে আইনখন কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।"

ইয়াৰ বিপৰীতে অসমৰ নিৰ্বাচনী প্ৰচাৰত বিশেষকৈ প্ৰথম পৰ্যায়ৰ উজনি অসমৰ ৪৭ সমষ্টিত শাসক দলটোৱে ‘CAA’ শব্দটো বৰকৈ উচ্চাৰণ কৰা পৰিলক্ষিত হোৱা নাই। বংগৰ মেনিফেষ্ট’ত অনুপ্ৰৱেশ মুক্ত ৰাজ্য গঢ়াৰ আৰু শৰণাৰ্থী পৰিয়ালক বছৰি ১০০০০ টকা Direct Cash Transfer মাধ্যমৰে প্রদান কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে।

নাগৰিকত্ব সংশোধনী আইনে জনগাঁথনিত বিস্তৰ প্ৰভাৱ পেলাব পৰা দেশৰ দুখন ৰাজ্যই হৈছে অসম আৰু পশ্চিম বংগ। অসমত আইনখনৰ বিৰুদ্ধে প্ৰৱল জনমত গঠন হোৱাৰ বিপৰীতে বংগত বুজন সংখ্যকে আইনখনক সমৰ্থন দিছিল। গতিকে অসমৰ বেলিকা ২০১৯ চনৰ ডিচেম্বৰ মাহত সংসদত গৃহীত হোৱা এই আইনখনক লৈ বিজেপিৰ প্ৰতিশ্ৰুতিলৈ এতিয়া দৃষ্টি নিবদ্ধ হৈ আছে সকলোৰে।

অহা ২৭ মাৰ্চত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৪৭টা সমষ্টিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ২০১৬ চনৰ নিৰ্বাচনত বিজেপি আৰু অসম গণ পৰিষদে মিলি ৪৭টাৰ ৩৫টা সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। কংগ্ৰেছ জয়ী হৈছিল ৯টা সমষ্টিত আৰু বদৰুদ্দিন আজমলৰ AIUDF-এ লাভ কৰিছিল দুটা। উজনি অসমৰ এই বিপুল জয়লাভে বিজেপিৰ নেতৃত্বত অসমত এখন অ-কংগ্ৰেছী চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিছিল। কিন্তু যোৱা ডিচেম্বৰত সংসদত শাসক দলে নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাৰ পিছত সেই অঞ্চলসমূহতে সৰ্বাধিক প্ৰতিবাদ সাব্যস্ত হৈছিল। লগতে ব্যাপক প্ৰতিবাদৰ সাক্ষী হোৱা ৰাজধানী গুৱাহাটীত তৃতীয় পৰ্যায়ত নিৰ্বাচন। তেনে ক্ষেত্ৰত বিজেপিয়ে নির্বাচনী প্ৰতিশ্ৰুতি পত্ৰত কেনে ধৰণে আইনখন সন্নিৱিষ্ট কৰে সেয়া মন কৰিবলগীয়া হ’ব।

কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সিং সূর্যেৱালাই এক টুইটযোগে বিজেপিক অসমতো প্ৰথমখন কেবিনেট বৈঠকতে CAA কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দি ভোট বিচাৰিবলৈ প্ৰত্যাহ্বান জনাইছে। বিজেপিয়ে অসমৰ বেলিকা CAAৰ প্ৰসংগত মৌনতা অৱলম্বন কৰাৰো অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতাজনে। ইয়াৰ বিপৰীতে কংগ্ৰেছে নিজৰ মেনিফেষ্ট’ত প্ৰদান কৰা ৫টা গেৰাণ্টীৰ এটা অন্যতম গেৰেণ্টী হৈছে চৰকাৰ আহিলে বিধানসভাত এখন আইন গৃহীত কৰি কেন্দ্ৰীয় আইনখন বাতিল কৰা। কিন্তু উজনি অসমত কলেজীয়া ছাত্ৰ-ছাত্ৰীৰে হোৱা এক প্ৰশ্নোত্তৰ অনুষ্ঠানত এখন কেন্দ্ৰীয় আইন ৰাজ্য চৰকাৰে কেনেদৰে বাতিল কৰিব সেই প্ৰশ্নৰ উত্তৰ বিস্তৰভাৱে দিয়াৰ পৰা বিৰত আছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

উল্লেখযোগ্য যে এতিয়ালৈকে ভাৰতবর্ষত এই আইন প্ৰযোজ্য হোৱা নাই। কাৰণ কাৰ্যকৰীকৰণৰ কাৰণে প্ৰয়োজনীয় বিধি প্ৰস্তুতৰ কাম কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সমাপ্ত কৰা নাই। এই আইন উত্তৰ পূবৰ আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা আৰু সংবিধানৰ ষষ্ঠ অনুসূচীৰে সুৰক্ষিত অঞ্চলসমূহৰ বাদে সমগ্ৰ দেশতে প্ৰযোজ্য। গতিকে তেনেক্ষেত্ৰত ৰাজ্য চৰকাৰৰ আইন কাৰ্যকৰী কৰাৰ বা বাতিল কৰাৰ ক্ষেত্ৰত ক্ষমতা সীমিত।

উচ্চতম ন্যায়ালয়ে কি কয় এই বিষয়ে? 

শুকুৰবাৰে এই সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰি দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববড়েই কয় – কেন্দ্ৰীয় আইনৰ ওপৰত ৰাজ্যৰ বিধানসভাই সংখ্যাগৰিষ্ঠ বিধায়কৰ সমৰ্থনত প্ৰস্তাৱ গৃহীত কৰা কাৰ্য ঠিক বুলি অভিহিত কৰিব পৰা যায়। তেনে প্ৰস্তাৱ এখন আইনৰ সমকক্ষ নহয় বা তেনে প্ৰস্তাৱে কেন্দ্ৰীয় আইন এখনক কাৰ্যকৰী হোৱাত বাধা প্ৰদান কৰিব নোৱাৰে। তেনে প্ৰস্তাৱৰ যোগেদি তেওঁলোকে জনসাধাৰণক আইন এখন অমান্য কৰিবলৈ কোৱা নাই; তেনে কাৰ্যৰে তেওঁলোকে মাথোঁ সংসদক আইনখন বাতিল কৰিবলৈ আহ্বান জনাইছে। যদিহে বিধান সভাই কেন্দ্ৰীয় আইন এখন বাতিল কৰিবলৈ চেষ্টা কৰে তেনে পৰিস্থিতিত উচ্চতম ন্যায়ালয় কেন্দ্ৰৰ পক্ষত থাকিব বুলি মতপোষণ কৰি দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে প্ৰশ্ন কৰে – বিধানসভাৰ প্ৰস্তাৱৰ যোগেদি মতামত আগবঢ়োৱাৰো অধিকাৰ নাইনে? অতি সম্প্ৰতি কেৰালা আৰু পশ্চিম বংগ বিধানসভাই নাগৰিকত্ব সংশোধনী আইন আৰু বিতৰ্কিত কৃষি আইনৰ বিৰোধিতা কৰি প্রস্তাৱ গ্ৰহণ কৰিছিল।

উচ্চতম ন্যায়ালয়ে ৰাজস্থানৰ সমতা আন্দোলন সমিতি নামৰ বেচৰকাৰী প্ৰতিষ্ঠান এটাৰ এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি এই মত পোষণ কৰে। বেচৰকাৰী প্ৰতিষ্ঠানটোৱে কেৰালা বিধানসভাই ২০১৯ চনৰ ৩১ডিচেম্বৰ তাৰিখে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি গ্ৰহণ কৰা প্রস্তাৱক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।
Published by: Sanjay Kumar Das
First published: March 22, 2021, 5:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি