• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Assembly: বিজেপিৰ সভ্যতাৰ ৰক্ষাৰ যুঁজঃ অযোধ্যাত নামঘৰ নিৰ্মাণৰ ঘোষণা ইস্তাহাৰত, উল্লেখ নাই অসম চুক্তিৰ ৬নং দফা ৰূপায়নৰ প্ৰতিশ্ৰুতি

Assam-Assembly: বিজেপিৰ সভ্যতাৰ ৰক্ষাৰ যুঁজঃ অযোধ্যাত নামঘৰ নিৰ্মাণৰ ঘোষণা ইস্তাহাৰত, উল্লেখ নাই অসম চুক্তিৰ ৬নং দফা ৰূপায়নৰ প্ৰতিশ্ৰুতি

অসমত সভ্যতা সুৰক্ষা শিতানত বিজেপিয়ে কৰা আন কেইটামান প্ৰতিশ্ৰুতি হৈছে এনেধৰণৰ ঃ

অসমত সভ্যতা সুৰক্ষা শিতানত বিজেপিয়ে কৰা আন কেইটামান প্ৰতিশ্ৰুতি হৈছে এনেধৰণৰ ঃ

অসমত সভ্যতা সুৰক্ষা শিতানত বিজেপিয়ে কৰা আন কেইটামান প্ৰতিশ্ৰুতি হৈছে এনেধৰণৰ ঃ

  • Share this:
২৩ মার্চত  ভাৰতীয় জনতা পাৰ্টীয়ে সংকল্প পত্ৰ নামেৰে প্রকাশ কৰিলে অসম বিধানসভা নিৰ্বাচনৰ ৫২পৃষ্ঠাৰ ইস্তাহাৰ। ১২নং পৃষ্ঠাত 'অসমত সভ্যতা সুৰক্ষাৰ' উদ্দেশ্যৰে বহুকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰে শাসক দলটোৱে। তাৰে এটা অন্যতম প্ৰতিশ্ৰুতি হৈছে দিল্লী, বেংগালুৰু, চেন্নাই, কলিকতা, হাইদৰাবাদ, পুনে, অযোধ্যা, ভুবেনেশ্বৰ আৰু লক্ষ্নৌত নামঘৰ নিৰ্মাণ।

আনহাতে ‘লাভ জেহাদ’ আৰু ‘ভূমি জেহাদ’ নির্মূল কৰিবলৈও শাসনলৈ আহিলে বিশেষ আইন প্ৰণয়ন কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিলে বিজেপিয়ে। দিল্লীত শংকৰদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে গেৰুৱা দলটোৱে।

উল্লেখযোগ্য যে, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৯চনৰ দিল্লীৰ বিধানসভা নিৰ্বাচনতো বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাওঁতে দিল্লীত দলটো শাসনলৈ আহিলে নামঘৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল।

বিজেপিৰ আন এটা গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি হৈছে, খিলঞ্জীয়া মুছলমান লোকৰ  (গৰিয়া, মৰিয়া, দেশী, জলাহ, মৈমল আৰু কছাৰী) চিনাক্তকৰণৰ কাৰণে অৰ্থ সামাজিক আৰু জাতিগত পিয়ল কৰা (Socio-Economic and caste census) ।

অসমত সভ্যতা সুৰক্ষা শিতানত বিজেপিয়ে কৰা আন কেইটামান প্ৰতিশ্ৰুতি হৈছে এনেধৰণৰ ঃ

১. অসমৰ ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। এনে পদক্ষেপৰ সহায়ত যাতে বৰ্তমান অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত জনগোষ্ঠী সমূহে লাভ কৰা সুবিধা সমূহত প্ৰভাৱে নপৰে সেই সন্দৰ্ভত দৃষ্টি ৰাখিব ।

২. BTR চুক্তিৰ প্ৰতিটো দফাৰ সফল ৰূপায়ণ কৰিব ।

৩. ২০২৫ চনৰ ভিতৰত ভূমিহীন ভাৰতীয় নাগৰিকক পট্টা প্ৰদান কৰিব । এনে কৰোতে চাহ জনগোষ্ঠী আৰু অনুসূচীত জাতি তথা জনজাতিক অগ্ৰাধিকাৰ দিয়া হ’ব ।

৪. সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সুনিশ্চিত কৰা হ’ব ।

৫. সত্ৰৰ ভূমি বেদখল মুক্ত কৰা হ’ব তথা প্ৰতিটো নামঘৰক ২.৫ লক্ষ টকা সাহায্য প্রদান কৰা হ’ব ।

৬. ২০২২চনৰ ভিতৰত দিল্লী, ডিব্ৰুগড়, ডিফু, কোকৰাঝাৰ আৰু শিলচৰত কলাক্ষেত্ৰ নিৰ্মাণ কৰা হ’ব ।

৭. বিদ্যালয়ৰ পাঠ্যক্ৰমত অসমীয়া সংস্কৃতি আৰু জাতিৰ বৰেণ্য ব্যক্তিৰ বিষয়ে বিশদ ভাৱে উল্লেখ থাকিব ।

৬নং দফাৰ কথা উল্লেখ নকৰি অসম চুক্তি ৰূপায়ণ কৰাৰো প্ৰতিশ্ৰুতি দিলে বিজেপিয়ে । অসম চুক্তি ৰূপায়ণ শিতানত বিজেপিয়ে কৰা প্ৰতিশ্ৰুতি কেইটা হৈছে -

১. অসম, বড়ো, কাৰ্বি আন্দোলনৰ শ্বহীদৰ পৰিয়ালক বিনামূলীয়া চিকিৎসা সেৱা ।

২. ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পুনৰীক্ষণৰ কাৰণে উচ্চতম ন্যায়ালয়ত আবেদন ।

৩. শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ কাম কৰা হ’ব ক্ষিপ্ৰতাৰ ।

৪. সীমা আৰক্ষীক শক্তিশালী কৰা হ’ব আৰু বিদেশী ন্যায়ধীকৰণ সমূহক অধিক কাৰ্যক্ষম কৰি তোলা হ’ব ।
Published by:Himangshu Bhuyan
First published: