ৰাজ্যৰ ৰাজধানীখ্যাত দিছপুৰ সমষ্টিৰ শাসকীয় দলৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে এতিয়া তুংগত উঠিছে দিছপুৰ সমষ্টিৰ ৰাজনীতি৷ প্ৰায় ৩০ বছৰ ধৰি বিজেপি দলৰ এজন নিষ্ঠাবান কৰ্মীৰূপে সেৱা আগবঢ়োৱা যুৱনেতা জয়ন্ত দাস (Jayanta Das)ক বঞ্চিত কৰি দিছপুৰ সমষ্টিৰ টিকট প্ৰদান কৰা হ’ল পূৰ্বৰ বিধায়ক অতুল বৰা (Atul Borah)ক৷ অতুল বৰাক দলীয় টিকট প্ৰদান কৰাৰ পিছে দলৰ শীৰ্ষ নেতাৰ বিৰুদ্ধে ক্ষোভ উজাৰি সংবাদ মাধ্যমৰ আগত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিছিল জয়ন্ত দাসে৷
সেই উদ্দেশ্য মঙলবাৰে দুপৰীয়া ৰুক্মিণীগাঁৱৰ ৰংগমঞ্চত জয়ন্ত দাসে এক ৰাজহুৱা সভাৰ আয়োজন কৰিলে৷ য’ত দিছপুৰ সমষ্টিৰ BJPৰ বুথ পৰ্যায়ৰ কৰ্মীসকলক নিমন্ত্ৰণ দিয়া হৈছিল৷ এই সভাৰ পিছতে আগন্তক দিনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ন্ত দাস অৱতীৰ্ণ হ’ব নে নহয় সেয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ কথা আছিল৷ কিন্তু তাৰ পূৰ্বে কেন্দ্ৰীয় নেতৃত্বই ফোনযোগে যোগাযোগ কৰিলে যুৱ নেতা জয়ন্ত দাসক৷
দল ত্যাগ নকৰিবলৈ কেন্দ্ৰীয় নেতৃত্বই আহ্বান জনোৱাৰ লগতে নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ নহ’বলৈয়ো আহ্বান জনায় জয়ন্ত দাসক৷ মঙলবাৰে পুৱাৰ ভাগত খানাপাৰা হেলিপেডত উপস্হিত হৈ সাংবাদিকে সোধা এক প্ৰশ্নত হিমন্ত বিশ্ব শমাই ক’লে – জয়ন্ত দাস যোগ্য প্ৰাৰ্থী আছিল। কিন্তু দলীয় টিকট এজনকহে দিবলগীয়া হোৱাত দলে জ্যেষ্ঠ আৰু অভিজ্ঞ হিচাপে অতুল বৰাক দিয়া হ'ল। মোৰ বিশ্বাস জয়ন্ত দাসে নিৰ্দলীয় নেখেলে আৰু দল ত্যাগ নকৰে।
হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ এই আহ্বানৰ পিছতে ৰুক্মিণীগাঁৱত আয়োজন কৰা ৰাজহুৱা সভাত উপস্হিত হৈয়ে উচুপি উঠিল জয়ন্ত দাস৷ কান্দি কান্দি জয়ন্ত দাসে ক’লে – মোক অন্যায় কৰা হ’ল বহুত৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কয়, তেওঁৰ বক্তব্যই মোক কিছু পৰিমাণে হ’লেও সকাহ দিছে৷ বিজেপিৰ বিকল্প কোনো নাই যদিও মোৰ স্পষ্ট কথা অতুল বৰাক মই কেতিয়াও সমৰ্থন কৰিব নোৱাৰো৷ তাৰ বাবে যদি মোক দলে নিলম্বন কৰে তাকো মই মূৰ পাতি ল’বলৈ সাজু বুলি মন্তব্য আগবঢ়ালে জয়ন্ত দাসে৷ আজি অনুষ্ঠিত হোৱা ৰাজহুৱা সভাতে যদি সিদ্ধান্ত লোৱাৰ কথা আছিল কিন্তু পুনৰবাৰ আৰু এদিনৰ সময়সীমা বিচাৰিলে দলীয় কৰ্মীসকলৰ পৰা৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|