• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Assembly : কংগ্ৰেছৰ ৫, বিজেপিৰ ১০! কি আছে বিজেপিৰ সংকল্প পত্ৰত?

Assam-Assembly : কংগ্ৰেছৰ ৫, বিজেপিৰ ১০! কি আছে বিজেপিৰ সংকল্প পত্ৰত?

বিজেপিৰ সংকল্প পত্ৰত মূলত ১০টা সংকল্পৰ কথা উল্লেখ কৰা হৈছে। মিছন ব্ৰহ্মপুত্ৰৰ পৰা মহিলা সবলীকৰণলৈ কেইবাটাও গুৰুত্বপূৰ্ণ সংকল্পৰ কথা ইস্তাহাৰত প্ৰকাশ কৰিছে বিজেপিয়ে।

বিজেপিৰ সংকল্প পত্ৰত মূলত ১০টা সংকল্পৰ কথা উল্লেখ কৰা হৈছে। মিছন ব্ৰহ্মপুত্ৰৰ পৰা মহিলা সবলীকৰণলৈ কেইবাটাও গুৰুত্বপূৰ্ণ সংকল্পৰ কথা ইস্তাহাৰত প্ৰকাশ কৰিছে বিজেপিয়ে।

বিজেপিৰ সংকল্প পত্ৰত মূলত ১০টা সংকল্পৰ কথা উল্লেখ কৰা হৈছে। মিছন ব্ৰহ্মপুত্ৰৰ পৰা মহিলা সবলীকৰণলৈ কেইবাটাও গুৰুত্বপূৰ্ণ সংকল্পৰ কথা ইস্তাহাৰত প্ৰকাশ কৰিছে বিজেপিয়ে।

  • Share this:
ৰাজ্যৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইমান দিন বাকী থকা অৱস্থাত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হ’ল বিজেপিৰ সংকল্প পত্ৰ৷ বিজেপিৰ সংকল্প পত্ৰত মূলত ১০টা সংকল্পৰ কথা উল্লেখ কৰা হৈছে। মিছন ব্ৰহ্মপুত্ৰৰ পৰা মহিলা সবলীকৰণলৈ কেইবাটাও গুৰুত্বপূৰ্ণ সংকল্পৰ কথা ইস্তাহাৰত প্ৰকাশ কৰিছে বিজেপিয়ে।

চাও আহক বিজেপিৰ সংকল্প পত্ৰত কি আছে :

১৷ অসমৰ জনগণক বান বিভীষিকাৰ পৰা মুক্ত কৰা৷ তাৰ বাবে মিছন ব্ৰহ্মপুত্ৰ৷ বিজ্ঞানসন্মতভাৱে বানপানী ৰোধ কৰা লক্ষ্য৷

২৷ অৰুণোদয় আচনিৰ জৰিয়তে মহিলা সবলীকৰণ৷ বিজেপিৰ অন্যতম লক্ষ্য ৰাজ্যৰ ৩০ লাখ মহিলাক মাহিলী ৩ হাজাৰ টকাকৈ প্ৰদান কৰা৷

৩৷ নামঘৰ সুদৃঢ়কৰণ আৰু সত্ৰৰ অধিকাৰ সুৰক্ষা৷ প্ৰতিটো নামঘৰলৈ আঢ়ৈ লাখ টকা প্ৰদানৰ লক্ষ্য৷

৪৷ অসমৰ শিশুসকলৰ এক উজ্জ্বল ভৱিষ্যৎ নিশ্চিত কৰি তোলা৷ শিশু উন্নয়ন অন্যতম লক্ষ্য বিজেপিৰ৷ বিনামূলীয়া পাঠদান প্ৰদান, লগতে সকলো শিক্ষাৰ্থীক প্ৰদান কৰিব বাইচাইকেল৷

৫৷ সংশোধিত NRCৰ যোগেদি অসমৰ অধিকাৰ সুৰক্ষিত কৰি তোলা৷ উচ্চতম ন্যায়লয়ৰ নিৰ্দেশত সকলো বিবাদ সমাপ্তি কৰি প্ৰকৃত নাগৰিকক সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্য৷

৬৷ সমষ্টি সীমা নিৰ্ধাৰণৰ যোগেদি অসমৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষা প্ৰদান কৰা৷ ফলপ্ৰসূ ব্যৱস্থাৰে অসমৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষা প্ৰদানৰ লক্ষ্য৷

৭৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ উৎপাদনেৰে অসমক আত্মনিৰ্ভকশীল কৰি তোলাৰ লক্ষ্য৷ আগন্তুক ৫ বছৰত সুনিশ্চিতভাৱে আত্মনিৰ্ভৰ কৰাৰ লক্ষ্য৷

৮৷ দ্ৰুত নিয়োগ ব্যৱস্থাৰ জৰিয়তে সংস্থাপনৰ বাট প্ৰশস্ত কৰা হ’ব৷ ইয়াৰ বাবে ২ লাখ লোকক চাকৰি প্ৰদান কৰাৰ লক্ষ্য৷ ইয়াৰে ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত প্ৰদান কৰিব ১ লাখ চাকৰি৷

৯৷ উদ্যমী ৰাজ্যলৈ পৰিণত কৰিব অসমক৷ স্বয়ম আঁচনিৰ জৰিয়তে ১০ লাখ যুৱ উদ্যোগী সৃষ্টি কৰাৰ লক্ষ্য৷

১০৷ ভূমি অধিকাৰ প্ৰদানেৰে অসমীয়া লোকক সবলীকৰণ৷ অসমত বসবাস কৰা সকলো ভূমিহীন নাগৰিকক পৰ্যায়ক্ৰমে ভূমিৰ পট্টা প্ৰদানৰ সংকল্প৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি