নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল, প্ৰতিজন নেতা। ভোটাৰৰ পদূলিয়ে পদূলিয়ে গৈ ভোটভিক্ষা মাগিছে প্ৰাৰ্থীসকলে। প্ৰতিটো ৰাজনৈতিক দলেই অৱলম্বন কৰিছে নতুন নতুন কৌশল। আকাশত হেলিকপ্টাৰ উৰুৱাই বিশাল নিৰ্বাচনী সভা পাতি প্ৰচাৰ চলাইছে। পিছ পৰি ৰোৱা নাই মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাও (Bhabesh Kalita)।
ৰঙিয়া (Rangia)ৰ ডিমুত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী ভৱেশ কলিতাই তীব্ৰ কটাক্ষ কৰে বিৰোধী মহাজোঁটক। আনহাতে, ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনক কটাক্ষ কৰি ভৱেশ কলিতাই কয়, হৰেশ্বৰ বৰ্মনে নিৰ্বাচনত জয়ী হ’বলৈ মাটি-সম্পত্তি বন্ধকত থ’লে নহয়, নিজে বিক্ৰী হ’লেও ৰঙিয়া সমষ্টিত জয়ী হ’ব নোৱাৰিব।
মহাজোঁটৰ প্ৰাৰ্থী ডাঃ ভগৱান মিশ্ৰই মন্ত্ৰী ভৱেশ কলিতাৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছতে পুণৰ আক্ৰমণ কৰিলে মন্ত্ৰীগৰাকীয়ে। কলিতাই কয়, ‘‘বগৰীবাৰীৰ ভগ্ন মথাউৰি ক’ত ভাঙিছিল সেয়া চিনি নাপায় বিৰোধীয়ে। ভৱেশ কলিতাই সাঁতুৰিব পাৰে। তেওঁলোকে সাঁতুৰিবই নোৱাৰিব ভৱেশ কলিতাৰ লগত।পানী খাই মৰিব।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|