ভদ্ৰলোকৰ সমষ্টি হিচাপে পৰিচিত বঢ়মপুৰত এইবাৰ নিৰ্বাচনী হিংসাৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বুধবাৰে নিশা নগাঁও চহৰৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত বঢ়মপুৰ যুৱ কংগ্ৰেছৰ সভাপতি গীতাৰ্থ গায়নক দুল শইকীয়া, ভাস্কৰ শইকীয়া আৰু মহন্ত উপাধিৰ তিনিগৰাকী বিজেপি নেতাৰ নেতৃত্বত ১০জনীয়া দলে আগভেটি ধৰি বেয়াকৈ প্ৰহাৰ কৰে। এই আক্ৰমণৰ ঘটনাত গীতাৰ্থ শইকীয়াৰ সৈতে থকা গৌতম হাজৰিকা নামৰ আন এগৰাকী কংগ্ৰেছ কৰ্মীও গুৰুতৰ ভাবে আহত হয়।
জানিব পৰা মতে, ধুমুহা আৰু বৰষুণৰ বাবে গীতাৰ্থ শইকীয়াই বঢ়মপুৰৰ হাতীয়নি ভেটাস্থিত বাসগৃহলৈ ঘূৰি যাওতে পলম হৈছিল। নিশা পলমকৈ ঘৰলৈ উভতা গীতাৰ্থ আৰু গৌতমক বিজেপিৰ কৰ্মী কেইজনে চকৰিগাঁৱৰ ওচৰত আগুচি ধৰি লোহাৰ ৰ'ডৰে বেয়াকৈ আক্ৰমণ কৰে।
গীতাৰ্থৰ অভিযোগ অনুসৰি বিজেপি কৰ্মীৰ দলটোৱে আনকি তেওঁ আৰু গৌতমক তাৰ পৰা ধৰি বাইপাছৰ ওচৰৰ পথাৰলৈ নি তাতো চৰম নিৰ্যাতন চলায়। এই ঘটনাৰ পিচতে গীতাৰ্থক কংগ্ৰেছী কৰ্মী সকলে উদ্ধাৰ কৰি নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰে। ইপিনে বঢ়মপুৰত ইয়াৰ পূৰ্বে এনে গুণ্ডামিৰ নজিৰ নাই বুলি মন্তব্য কৰি কংগ্ৰেছ প্ৰাৰ্থী সুৰেশ বৰাই আক্ষেপৰে কয়, "২০১১ আৰু ২০১৬ত প্ৰফুল্ল মহন্তৰ সৈতে দুবাৰ প্ৰতিদন্দিতা কৰিছিলো যদিও এনে হিংসাত্মক ঘটনা কেতিয়াও সংঘটিত হোৱা নাছিল।"
ইপিনে বঢ়মপুৰ অঞ্চলৰ বিভিন্ন সমাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত গীতাৰ্থৰ ওপৰত হোৱা এই আক্ৰমণৰ ঘটনাক সকলোৱে গৰিহণা দিছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 01, 2021, 16:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।