৮২নং ৰহা (Raha) বিধানসভা সমষ্টিৰ মহাজোট বন্ধনৰ প্ৰাৰ্থী শশীকান্ত দাসৰ হৈ প্ৰথমখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত শনিবাৰে অংশ লয় এআইইউডিএফ (AIUDF)ৰ মুৰব্বী মৌলানা বদৰউদ্দিন আজমলে (Badruddin Ajmal)৷ কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত বিশাল সভাত ৰাইজক সম্বোধি দিয়া ভাষণত বদৰউদ্দিন আজমলে আগন্তুক ১ এপ্ৰিলত হ’বলগা ভোট গ্ৰহণৰ দিনা শশীকান্ত দাসক এশ শতাংশ ভোট দিবলৈ আহবান জনায়৷
বিজেপি চৰকাৰে সমষ্টিটোত সাতবাৰকৈ হোৱা বানপানীত ক্ষতিগ্ৰস্ত হোৱা অঞ্চল তথা বানত সৰ্বস্বান্ত হোৱা পৰিয়ালক কোনো সাহায্য প্ৰদান কৰিছেনে বা কিমানজন নিৱনুৱাক চাকৰি দিছে বুলি প্ৰশ্ন কৰে আজমলে।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ সমালোচনাতো সৰৱ হৈ পৰে আজমল। তেওঁ কয়, ‘‘মন্ত্ৰী ড০ শৰ্মাই মানসিক ৰোগীৰ দৰে আমাক গালিপাৰি আছে৷ সেয়ে হিমন্ত বিশ্বৰ বাবে সকলোকে দোৱা ককৰক৷’’
আজমলে কয় যে ২ মে'ত মহাজোঁট বন্ধনৰ চৰকাৰ হ’ব আৰু চৰকাৰ আহিলে পাঁচ লাখ নিৱনুৱাক চৰকাৰী চাকৰি আৰু পচিশ লাখ লোকক বেচৰকাৰী বিভাগত চাকৰি দিয়া হ'ব।প্ৰতিগৰাকী মহিলাক মাহিলী দুই হাজাৰকৈ টকা দিয়া হ'ব বুলি কোৱাৰ লগতে তেওঁ চাহ বাগানৰ শ্ৰমিকসকলক ৩৭৫ টকাকৈ পাৰিশ্ৰমিক দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে৷
এআইইউডিএফৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান ৰহা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী গুণেশ্বৰ দাসক ভোট দিলে বিজেপিক সহায় কৰা হ’ব বুুুলি দোহাৰি এটা ভোটো ভুলতো যাতে নিৰ্দলীয় প্ৰাৰ্থীজনক নিদিয়ে তাৰ বাবে প্ৰতিগৰাকী ব্যক্তিয়ে ঘৰে ঘৰে গৈ ভোটাৰ ৰাইজক বুজাবলৈ আজিৰ পৰাই এই অভিযান আৰম্ভ কৰিবলৈ আহবান জনায়৷
এআইইউডিএফৰ সমষ্টি কমিটীৰ সভাপতি জহুৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে এআইইউডিএফৰ নেতা বাদল আহমেদ, নছিম আহমেদ, নূপুৰ বৰ্ধন, কংগ্ৰেছ নেতা বেণু আহমেদ, মতিউৰ ৰহমান৷ ইফালে ৰজাগাঁৱত আন এখন নিৰ্বাচনী সভাত ডেৰ শতাধিক বিজেপি কৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|