உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam-Assembly : হিমন্ত বিশ্ব শৰ্মাক আটাইতকৈ সাম্প্ৰদায়িক ব্যক্তি আখ্যা আজমলৰ, মাদ্ৰাছাক লৈ আজমলে ক’লে এই কথা

    Assam-Assembly : হিমন্ত বিশ্ব শৰ্মাক আটাইতকৈ সাম্প্ৰদায়িক ব্যক্তি আখ্যা আজমলৰ, মাদ্ৰাছাক লৈ আজমলে ক’লে এই কথা

    সভাত ভাষণ প্ৰসংগত বিজেপি দলক কঠোৰ সমালোচনা কৰি এইবাৰ মহাজোঁটবন্ধনৰ চৰকাৰ হ’ব বুলি দাবী কৰে AIUDF প্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে৷

    সভাত ভাষণ প্ৰসংগত বিজেপি দলক কঠোৰ সমালোচনা কৰি এইবাৰ মহাজোঁটবন্ধনৰ চৰকাৰ হ’ব বুলি দাবী কৰে AIUDF প্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে৷

    সভাত ভাষণ প্ৰসংগত বিজেপি দলক কঠোৰ সমালোচনা কৰি এইবাৰ মহাজোঁটবন্ধনৰ চৰকাৰ হ’ব বুলি দাবী কৰে AIUDF প্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে৷

    • Share this:
    ৰাজ্যত এতিয়া নিৰ্বাচনা বতৰ৷ নিৰ্বাচনী বতৰত ৰাজ্যত চৌদিশে ঘূৰিছে ৰাজনৈতিক নেতাসকলৰ হেলিকপ্টাৰ৷ একাংশ ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে নিৰ্বাচনী সভাত ভোটাৰক আকৰ্ষিত কৰিবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে৷ বাদ পৰা নাই AIUDF দলো। AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে দেওবাৰে যমুনামুখ সমষ্টিৰ মোৰাঝাৰত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।

    যমুনামুখ সমষ্টিৰ নবীন–প্ৰবীণ কংগ্ৰেছী সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা মহাজোঁটবন্ধনৰ এই সভাখনত উপস্থিত আছিল প্ৰায় ১২–১৪ সহস্ৰাধিক জনতা৷ একাংশ আহিল হেলিকপ্টাৰ চাবলৈ, আন একাংশ লোক আহিল বদৰুদ্দিন আজমলক চাবলৈ।

    সভাত ভাষণ প্ৰসংগত বিজেপি দলক কঠোৰ সমালোচনা কৰি এইবাৰ মহাজোঁটবন্ধনৰ চৰকাৰ হ’ব বুলি দাবী কৰে AIUDF প্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে৷ বদৰুদ্দিন আজমলৰ ভাতৃ যমুনামুখ সমষ্টিৰ মহাজোঁটবন্ধনৰ প্ৰাৰ্থী ছিৰাজুদ্দিন আজমল এইবাৰ বিপুল ভোটত জয়ী হৈ কেবিনেট মন্ত্ৰী হ’ব বুলি আজমলে ভাষণ প্ৰসংগত মন্তব্য কৰে৷

    ইফালে এক ধাক্কাই মাদ্ৰাছা খুলিব বুলি আজমলে কোৱা কথাষাৰৰ প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত আজমলে কয় যে তেওঁ ঠেলা-হেঁচা নকৰে যদিও উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত গৈ মাদ্ৰাছা খোলাৰ চেষ্টা কৰিব৷ লগতে আজমলে হিমন্ত বিশ্ব শৰ্মাক অসমৰ ভিতৰত আটাইতকৈ সাম্প্ৰদায়িক ব্যক্তি বুলি মন্তব্য কৰি কঠোৰ সমালোচনা কৰা পৰিলক্ষিত হয়।
    Published by:Sanjay Kumar Das
    First published: