உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam-Assembly : নিৰ্বাচনক লৈ সষ্টম অসম আৰক্ষী, মোতায়েন ২.৪১ লাখ আৰক্ষী-অৰ্ধসামৰিক বাহিনী

    Assam-Assembly : নিৰ্বাচনক লৈ সষ্টম অসম আৰক্ষী, মোতায়েন ২.৪১ লাখ আৰক্ষী-অৰ্ধসামৰিক বাহিনী

    মাজত মাত্ৰ পাঁচটা দিন বাকী৷ ২৭ মাৰ্চত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব৷

    মাজত মাত্ৰ পাঁচটা দিন বাকী৷ ২৭ মাৰ্চত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব৷

    মাজত মাত্ৰ পাঁচটা দিন বাকী৷ ২৭ মাৰ্চত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব৷

    • Share this:
    সমগ্ৰ অসমত নিৰ্বাচনকেন্দ্ৰিক নিৰাপত্তাৰ বাবে ইতিমধ্যে নিয়োগ কৰা হৈছে ২ লাখ ৪১ হাজাৰ নিৰাপত্তাৰক্ষী৷ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত একোজনকৈ সশস্ত্ৰ জোৱান আৰু আন চাৰিজন কৈ জোৱান মোতায়েন কৰাৰ ব্যৱস্থা কৰা হৈছে৷

    মাজত মাত্ৰ পাঁচটা দিন বাকী৷ ২৭ মাৰ্চত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন (Assam Assembly Election 2021) অনুষ্ঠিত হ'ব৷ ইয়াৰ পূৰ্বে এতিয়া তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰে ৰাজ্যৰ আকাশ-বতাহ মুখৰিত কৰি তুলিছে৷ ১৫সংখ্যক অসম বিধানসভাৰ নিৰ্বাচনক সুচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি সাজু অসম আৰক্ষী (Assam Police)৷ এই হিচাপত সমগ্ৰ অসমত মোতায়েন কৰা হৈছে ২,৪১,২৬৯জন আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান৷

    প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত থাকিব একোজন সশস্ত্ৰ জোৱান৷ লগতে থাকিব আন চাৰিজনকৈ জোৱান৷ পুৱা সাত বজাৰ পৰা সন্ধিয়া ছয় বজালৈ চলিব লগীয়া ভোটগ্ৰহণ প্ৰক্ৰিয়াত ভোটাৰ ৰাইজৰ বাবে সাজু কৰা হৈছে ৩৩,৫৩০টা ভোটগ্ৰহণ কেন্দ্ৰ৷ ইপিনে নিৰ্বাচনকেন্দ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ সৰ্তকতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে৷ ভোটাৰ ৰাইজক নিৰ্ভয়ে ভোটদান কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনাইছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ লগতে ছচিয়েল মিডিয়াৰ ওপৰতো তীক্ষ্ণ নজৰ ৰাখিছে আৰক্ষীয়ে৷

    উল্লেখযোগ্য যে অসম বিধানসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া ৰাজ্য কেইখনৰ আৰক্ষীৰ সৈতেও অসম আৰক্ষীয়ে সকলো প্ৰকাৰৰ তথ্যৰ আদান-প্ৰদান কৰিছে৷
    Published by:Sanjay Kumar Das
    First published: