মাজত মাত্ৰ ২ দিন! অহা ২ মে' তাৰিখে ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে এতিয়া প্ৰতিটো ৰাজনৈতিক দলেই দেখিছে ক্ষমতা দখলৰ সপোন। বিজেপি, কংগ্ৰেছ সকলোৱেই এতিয়া নিজ নিজ ধৰণে অংক কৰাত ব্যস্ত। পিছপৰি থকা নাই নৱ গঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদ।
বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি নিৰ্বাচনৰ পিছত অসম জাতীয় পৰিষদৰ স্থিতি কি হ'ব সেই লৈ মন্তব্য কৰে সভাপতি লুৰিণজ্য়োতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে কয় যে, 'আমি ভাল ফলাফল দেখুৱাম। চৰকাৰ গঠনত অসম জাতীয় পৰিষদ ফেক্টৰ হ'ব।
ব্যতিক্ৰম ফলাফল হ'ব এইবাৰ নিৰ্বাচনত। মহিলা, নীৰৱ ভোটাৰ, যুৱ ভোটাৰে নিৰ্ণায়ক স্থিতি গ্ৰহণ কৰিছে।এইবাৰ ৫৫ৰ অধিক আসন লাভ নকৰে কোনো ৰাজনৈতিক দলে।৪৫ উচ্চ সীমা হ'ব মিত্ৰজোঁট-মহাজোঁটৰ।'
মহাজোঁট নে মিত্ৰজোঁট? কাক সমৰ্থন জনাব অসম জাতীয় পৰিষদে?এই সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে কয় যে, 'প্ৰথম আৰু তৃতীয় পৰ্যায়ৰ ফলাফল ভাল হ'ব অসম জাতীয় পৰিষদৰ। AIUDFৰ সমানে বিজেপি সাম্প্ৰদায়িক। গতিকে দুয়োটা দলৰ পৰা অসম জাতীয় পৰিষদে সমদূৰত্ব বজাই ৰাখিব। কোনো ৰাজনৈতিক দলক সমৰ্থন জনাবলগীয়া হ'লে, সেয়া ২ তাৰিখৰ পিছত সিদ্ধান্ত লোৱা হ'ব। এতিয়া এই সন্দৰ্ভত স্পষ্টকৈ একো ক'ব নোৱাৰি।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|