আৰু মাত্ৰ ৪৮ ঘণ্টা ! ৪৮ ঘণ্টাৰ পাছত ঘোষণা হ'ব নিৰ্বাচনা ফলাফল ৷ ইতিমধ্যে প্ৰকাশিত Exit Poll-এ ৰাজ্যত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি প্ৰকাশ কৰিছে ৷ লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেথছ মহাজোঁটে। Exit Pollক সম্পূৰ্ণ ৰূপে নাকচ কৰি ৰাজ্যত মহাজোঁটৰ চৰকাৰ প্ৰতিষ্ঠা হ'ব বুলি দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে।
জীতেন্দ্ৰ সিঙে কয় যে, '১০১ৰ আসন পাব মহাজোঁটে ৷ Exit Poll কংগ্ৰেছে বিশ্বাস নকৰে ৷ কোনো নিৰ্দিষ্ট ৰাজনৈতিক দলৰ প্ৰভাৱত প্ৰকাশ কৰা হৈছে এই Exit Poll ।' আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ দাবী, এই ফলাফলে ভোট গণনাৰ দায়িত্বত থকা বিষয়াক প্ৰভাৱিত কৰিব। কিন্তু লাভ নাই ৰাজ্যত মহাজোট চৰকাৰ নিশ্চিত ৷
গেৰাণ্টী সহকাৰে ৰিপুণ বৰাৰ দাবী মহাজোঁটে চৰকাৰ গঠন কৰিব ৷ চৰকাৰ হোৱাৰ পিছত কিদৰে যুদ্ধকালীন ভাৱে কোভিদৰ বিৰুদ্ধে কাম কৰিব লাগিব সেই বিষয়ত আলোচনা কৰা বুলিও উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷
ইফালে Exit Poll প্ৰকাশ হোৱাৰ পিছত শুকুৰবাৰে এখন জৰুৰী বৈঠকত মিলিত হয় মহাজোঁটৰ অংশীদাৰ দলসমূহ ৷ বৈঠকৰ অন্তত সাংসদ অজিত কুমাৰ ভূঞাই কয় যে, 'কাৰ স্বাৰ্থত এই Exit Pollৰ ফলাফল সেয়া নিশ্চয় ধৰিব পৰা হৈছে ৷ ২ মে'লৈ অপেক্ষা কৰক সকলোৱে ৷ সকলোৱে গম পাব ৷'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|