শনিবাৰে সম্পন্ন হোৱা অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছতে এতিয়া কোন দলে কিমান খন আসন দখল কৰিব সেই লৈ ব্যাপক চৰ্চা চলিছে। প্ৰতিটো ৰাজনৈতিক দলেই সৰ্বাধিক আসন পোৱাৰ কথা উল্লেখ কৰিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে, প্ৰথম পৰ্যায়ৰ ৪৭ খন আসনৰ ভিতৰত ৪২ খন আসন বিজেপিয়ে লাভ কৰিব বুলি দাবী কৰিছে। এখোপ ওপৰত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস। ৰঞ্জিত দাসৰ মতে, বিজেপিয়ে প্ৰথম পৰ্যায়ত লাভ কৰিব ৪৬ খন আসন। বহি থকা নাই কংগ্ৰেছ কিম্বা অসম জাতীয় পৰিষদো। দুয়োটা দলেই হৈ যোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সৰ্বাধিক আসন লাভ কৰিব বুলি দাবী কৰিছে।
এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত বিজেপি মিত্ৰজোঁটে লাভ কৰিবলগীয়া আসনৰ সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰিছে। দেওবাৰে দিল্লীত সংবাদমেল সম্বোধন কৰি অমিত শ্বাহে প্ৰথম পৰ্যায়ত মিত্ৰজোঁটে ৩৭ খন আসন দখল কৰিব বুলি দাবী জনাইছে।
আনহাতে এইবাৰ নিৰ্বাচনত অসমৰ লোকে সন্ত্ৰাসবাদ মুক্ত, বানপানী মুক্ত, আন্দোলন মুক্তি অসমৰ কাৰণে ভোট দিছে বুলি জানিবলৈ দিয়ে শ্বাহে। আৰু সমস্যা মুক্ত অসম গঢ়াৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটে নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰিব বুলিও সংবাদমেলত উল্লেখ কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|