হাত দাঙিলে নেকি অখিল গগৈয়ে? মিত্ৰতা কৰাৰ নামত কিদৰে কংগ্ৰেছে প্ৰতাৰণা কৰিলে ৰাইজৰ দলক? পত্ৰৰ জৰিয়তে অখিল গগৈৰ বিস্ফোৰণ

News18 Assam | News18-Assam
Updated:April 28, 2021, 4:43 PM IST
হাত দাঙিলে নেকি অখিল গগৈয়ে? মিত্ৰতা কৰাৰ নামত কিদৰে কংগ্ৰেছে প্ৰতাৰণা কৰিলে ৰাইজৰ দলক? পত্ৰৰ জৰিয়তে অখিল গগৈৰ বিস্ফোৰণ
অসম বিধানসভা নিৰ্বাচনৰ ফলাফললৈ মাজত মাজত মাত্ৰ ৩টা দিন বাকী। ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত কাৰাগাৰৰ পৰা অখিল গগৈয়ে লিখিলে এখন বিশেষ পত্ৰ।

অসম বিধানসভা নিৰ্বাচনৰ ফলাফললৈ মাজত মাজত মাত্ৰ ৩টা দিন বাকী। ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত কাৰাগাৰৰ পৰা অখিল গগৈয়ে লিখিলে এখন বিশেষ পত্ৰ।

  • Share this:
অসম বিধানসভা নিৰ্বাচনৰ ফলাফললৈ মাজত মাজত মাত্ৰ ৩টা দিন বাকী। ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত কাৰাগাৰৰ পৰা অখিল গগৈয়ে লিখিলে এখন বিশেষ পত্ৰ। পত্ৰৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে কংগ্ৰেছে ৰাইজৰ দলক কিদৰে প্ৰতাৰণা কৰিলে, সেই দিশটোক স্পষ্টকৈ দাঙি ধৰিলে অখিল গগৈয়ে। বুধবাৰে সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলে ৰাজহুৱা কৰিলে অখিল গগৈৰ পত্ৰ।

কি আছে পত্ৰখনত?

'২১ৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ প্ৰস্তাৱ দিছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ মিত্ৰতাৰ প্ৰস্তাৱ আছিল কৌশলগত ৷ ২৫ জানুৱাৰীত অখিলক সাক্ষাৎ কৰিছিল কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। আৰু সাক্ষাৎকাৰতে বৰদলৈক ঐক্যবদ্ধ ভাবে নিৰ্বাচনত যুঁজ দিয়াৰ কথা কৈছিল অখিল গগৈয়ে।

প্ৰদ্যুৎ বৰদলৈয়ে অখিলৰ পৰা বিচাৰিছিল প্ৰাৰ্থীৰ তালিকা ৷ পিছে আলোচনা সমাপ্ত কৰাৰ পিছতে বৰদলৈয়ে প্ৰদান কৰিছিল বিপৰীত মন্তব্য ৷ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক প্ৰদ্যুৎ বৰদলৈ,  ৰিপুণ বৰা, সাংসদ অজিৎ কুমাৰ ভূঞা লগতে বহু দলীয় নেতাই  বিজেপিৰ বি-টিম আখ্যা দিছিল। আনকি কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ সৈতে বৈঠকত মিলিতও হৈছিল ভাস্কো ডি শইকীয়া ৷ কিন্তু ইমানৰ পাছতো অখিলক আনুষ্ঠানিক ভাবে সাক্ষাৎ নকৰিলে জীতেন্দ্ৰ সিঙে ৷'

আগষ্ট মাহৰ পৰা বিজেপিক পৰাভূত কৰিবলৈ চেষ্টা চলাইছিল ৰাইজৰ দলে ৷ কিন্তু কংগ্ৰেছৰ প্ৰতাৰণা, বিশ্বাসঘাটকতাৰ বাবে সেয়া সম্ভৱ নহ'ল বুলি পত্ৰৰ জৰিয়তে দাবী কৰিছে অখিল গগৈয়ে ৷ ৰাইজৰ দলৰ স্পষ্ট কথা, ২১ত বিজেপিৰ চৰকাৰ আহিলে দায়ী হ'ব কংগ্ৰেছ, AIUDF আৰু বাওপন্থী দল ৷

কাৰাগাৰৰ পৰা এখন পত্ৰ লিখি অখিল গগৈয়ে ক'লে যে, ৰাইজৰ দলৰ অনভিজ্ঞতাৰ সুযোগ ললে কংগ্ৰেছে। ইয়াৰ বাবে দায়ী কেইগৰাকীমান কংগ্ৰেছ নেতা ৷ একমাত্ৰ মুখ্যমন্ত্ৰীৰ আসনখনৰ খোৱা কামুৰাৰ বাবে এখন ঐক্যবদ্ধ যুজ নহ'ল ৷

অৱশ্যে এতিয়াও ২ মে' লৈ অপেক্ষা কৰিছে দলটোৱে ৷ যি কাৰণতে নহওক বিজেপিৰ চৰকাৰ হ'ব নালাগে ৷ প্ৰয়োজন হ'লে গণতন্ত্ৰ ৰক্ষাৰ নামত যি কৰিব লাগে ৰাইজৰ দলে কৰিব ৷ ভাস্কো ডি শইকীয়াই এই মন্তব্যই এতিয়া বিশেষ তাৎপৰ্যবহন কৰিছে।
Published by: Himangshu Bhuyan
First published: April 28, 2021, 4:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি