অখিল গগৈয়ে পত্ৰৰ জৰিয়তে বিজেপি বিৰোধী যিকোনো প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহ্বান জনাইছে।
অখিল গগৈয়ে পত্ৰৰ জৰিয়তে বিজেপি বিৰোধী যিকোনো প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহ্বান জনাইছে।
আজি অন্ত পৰিল তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে সাজু হৈছে প্ৰশাসন। দিছপুৰ, গুৱাহাটী পূৱ, গুৱাহাটী পশ্চিম, জালুকবাৰী, হাজো, ছয়গাঁৱৰ লগতে বিটিএডি অঞ্চলত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। ভোটগ্ৰহণলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত এতিয়া কাৰাগাৰৰ পৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ভোটাৰ ৰাইজলৈ জনাইছে অন্তিমটো আহ্বান।
অখিল গগৈয়ে পত্ৰৰ জৰিয়তে কৈছে যে, 'প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বিপুল হাৰত ভোটদানে প্ৰমাণ কৰিছে যে, ৰাজ্যত আছে বিজেপি বিৰোধী ঢৌ ৷ বিজেপিৰ বিৰুদ্ধে জনতাই প্ৰদান কৰিছে ভোট ৷ এতিয়া আহিছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ তৃতীয় পৰ্য্যায়তো জনতাই হিল দৌল ভাঙি বিজেপিৰ বিৰুদ্ধে ভোট দিব লাগে।'
অখিল গগৈয়ে পত্ৰৰ জৰিয়তে বিজেপি বিৰোধী যিকোনো প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহ্বান জনাইছে। কিন্তু অখিলৰ মতে, বিজেপিক কোনো কাৰণতে বিজেপিক ভোট দিব নালাগে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|