Assam-Assembly: "সি যদি উপযুক্ত তেন্তে শিৱসাগৰবাসীয়ে তাক জয়ী কৰাব"- ভোটাধিকাৰ সাব্যস্ত কৰি অখিল গগৈৰ সন্দৰ্ভত মন্তব্য কৰিলে মাতৃ প্ৰিয়দা গগৈয়ে

News18 Assam | News18-Assam
Updated:March 27, 2021, 9:44 PM IST
Assam-Assembly:
আজি পুৱা ৭ বাজি ১৫ মিনিটত মৰিয়নীৰ চেলেংহাটৰ ২৭৯ নং বৰগুৰি প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত অখিলৰ মাতৃ প্ৰিয়দা গগৈয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

আজি পুৱা ৭ বাজি ১৫ মিনিটত মৰিয়নীৰ চেলেংহাটৰ ২৭৯ নং বৰগুৰি প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত অখিলৰ মাতৃ প্ৰিয়দা গগৈয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

  • Share this:
"সি  যদি উপযুক্ত তেন্তে শিৱসাগৰ বাসীয়ে তাক জয়ী কৰাব"- প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে।

আজি পুৱা ৭ বাজি ১৫ মিনিটত মৰিয়নীৰ চেলেংহাটৰ ২৭৯ নং বৰগুৰি প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত অখিলৰ মাতৃ প্ৰিয়দা গগৈয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ভোট প্ৰদান কৰি অখিল মাতৃয়ে মুখত এমোকোৰা হাঁহিলৈ সাংবাদিকৰ সন্মুখত শিৱসাগৰত অখিল গগৈ বিপুল ভোটত জয়ী হ'ব বুলি প্ৰকাশ কৰা লগতে শিৱসাগৰৰ ৰাইজ বিশেষকৈ যুৱক-যুৱতী আৰু বয়োজ্যেষ্ঠ লোকসকলে অখিল গগৈৰ প্ৰতি অভূতপূৰ্ব সমৰ্থন আৰু কষ্ট কৰা বুলি উল্লেখ কৰে।

ইয়াৰ পিছতে অখিল মাতৃগৰাকী পুত্ৰই প্ৰতিদ্বন্দিতা আগবঢ়োৱা শিৱসাগৰ সমষ্টিলৈ ৰাওনা হয়। উল্লেখ যে, শিৱসাগৰ সমষ্টিত এইবাৰ কংগ্ৰেছ প্ৰাৰ্থী শুভ্ৰমিত্ৰ গগৈ, বিজেপিৰ প্ৰাৰ্থী সুৰভী ৰাজকোঁৱৰী আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা আছে।
Published by: Himangshu Bhuyan
First published: March 27, 2021, 9:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি