বোকাখাতৰ কিংমেকাৰ আকাশ এতিয়া অতুল বৰা (Atul Borah)ৰ কাষত। আকাশৰ অবিহনে অতুলে নোৱাৰে জিকিব নিৰ্বাচনী ৰণ। সততে বোকাখাত (Bokakhat)ৰ বিভিন্ন মহলত চৰ্চা চলা সেই বিষয়টো স্পষ্ট হ’ল কিছু দিন আগলৈকে বোকাখাত সমষ্টিত কৃষি মন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাৰ টোপনি হৰা বোকাখাত বিজেপিৰ প্ৰভাৱশালী যুৱ নেতা আকাশ ফুকন এতিয়া অতুল বৰাৰ কাষ চপাত।
বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ আকাশ ফুকন (Akash Phukan) আছিল ২০২১ৰ বিধানসভা নিৰ্বাচনৰ বোকাখাত সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ। বোকাখাত সমষ্টিৰ জনসাধাৰণৰ মাজত মন্ত্ৰী অতুল বৰাতকৈ অধিক জনপ্ৰিয় যুৱ নেতা আকাশ ফুকন। কিন্তু অগপ কেন্দ্ৰীয় সভাপতি অতুল বৰাই বোকাখাত সমষ্টিত প্ৰাৰ্থিত্ব পোৱাৰ পিছত আকাশ ফুকনৰ লগতে বোকাখাত বিজেপিৰ অধিকাংশ কার্যকৰ্তাই মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধাচৰণ কৰিছিল যদিও পৰৱৰ্তী সময়ত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰাৰ স্বাৰ্থত অতুল বৰাক নিৰ্বাচনত সহায় কৰাৰ উদ্দেশ্যেৰে ওলাই আহে আকাশ ফুকন।
ইফালে, সামাজিক মাধ্যমৰ লগতে বোকাখাতৰ বিভিন্ন মহলত চৰ্চা এতিয়া আকাশ ফুকনক লৈ। আকাশৰ অবিহনে মন্ত্ৰী অতুল বৰাই বোকাখাত সমষ্টিত নিৰ্বাচনী বৈতৰণী পাৰ কৰিব নোৱাৰাৰ বিষয়টো চর্চা এতিয়া বোকাখাতত। কাজিৰঙাত মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ লগতে নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰা অতুল বৰাৰ কাষত সোমবাৰে সন্ধিয়া দেখাগল আকাশ ফুকনক।
বিভিন্নজনে যুৱ নেতাগৰাকীক কিংমেকাৰ আখ্যা দিয়া বিষয়টো আঁতৰাই চলি কৌশলগতভাৱে আজমল আৰু কংগ্ৰেছক ৰুধিবলৈ হাজাৰ বাৰ অতুল বৰাক সহায় কৰিছে বুলি মত প্ৰকাশ কৰে। আনহাতে, নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিবলৈ কাজিৰঙালৈ যোৱা বিধায়ক অতুল বৰাই আগন্তুক নিৰ্বাচনত বোকাখাত সমষ্টিত অগপৰ জয় নিশ্চিত বুলি উল্লেখ কৰাৰ লগতে বোকাখাত সমষ্টিত কংগ্ৰেছ (Assam Congress)ৰ নিজা প্ৰাৰ্থিত্ব নিদিয়াক লৈ সমালোচনা কৰে। লগতে, কা (CAA)ৰ বিৰোধিতাৰে আছুয়ে ঘোষণা কৰা আন্দোলনকো সমালোচনা কৰে অতুল বৰাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|