প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদানলৈ মাজত মাত্ৰ ৯ দিন বাকী। প্ৰতিটো ৰাজনৈতিক দলেই এতিয়া জোৰদাৰ গতিত চলাইছে নিৰ্বাচনী প্ৰচাৰ। সমগ্ৰ ৰাজ্যজুৰি বিজেপিয়ে এতিয়া চলাইছে আগ্ৰাসী ৰূপত নিৰ্বাচনী প্ৰচাৰ। উজনি অসমত এতিয়া ধাৰাবাহিক ভাবে প্ৰচাৰত নামিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সেইদৰে উত্তৰ অসমত বিজেপিৰ ভেটি অক্ষুন্ন ৰাখিবলৈ দিন ৰাতি একাকাৰ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেইদৰে কংগ্ৰেছেও এতিয়া হেৰুওৱা আসন উদ্ধাৰৰ বাবে পাঁচটা গেৰাণ্টীক সাৰথি কৰি ভোটাৰৰ কাষ চাপিছে।
বহি থকা নাই নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদ। এই পৰ্যন্ত ৭৮টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিছে কৰা অসম জাতীয় পৰিষদে। নাহৰকটীয়া আৰু দুলীয়াজানৰ পৰা এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈ। আগন্তুক নিৰ্বাচনকলৈ এতিয়া গভীৰ আত্মবিশ্বাসী লুৰিণজ্যোতি গগৈ। News18ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত লুৰিণজ্যোতি গগৈয়ে কয় যে, ‘২০২১ ত অসমত আঞ্চলিকতাবাদী চৰকাৰ হ’ব। এই পৰ্যন্ত অসম জাতীয় পৰিষদে ৭৮ খন আসনত প্ৰাৰ্থীত্ব দিছে। বুধবাৰে বিয়লী AJP য়ে তৃতীয় খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিব।’
লুৰিণজ্যোতি গগৈয়ে অসম গণ পৰিষদক ভেঁজাল আঞ্চলিক দল বুলি কটাক্ষ কৰাৰ লগতে আগন্তুক নিৰ্বাচনত অগপ শূন্য হ’ব বুলিও মন্তব্য কৰে। আনহাতে নাহৰকটীয়াবাসী ৰাইজক আঞ্চলিকতাবাদত বিশ্বাসী বুলি কোৱাৰ লগতে দুলীয়াজান সমষ্টিত প্ৰথমবাৰলৈ আঞ্চলিক দলৰ প্ৰাৰ্থী হিচাপে তেওঁ জয়লাভ কৰিব বুলি মন্তব্য কৰে।
- First Published :