
ক’ৰবাত যদি নিজৰ পৰিচয় দি ভোট ভিক্ষা কৰিছে, আন ক’ৰবাত আকৌ বিজেপি দল আৰু বৰ্তমানৰ ৰঙিয়াৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতা (Bhabesh Kalita)ক তীব্ৰ সমালোচনা কৰি গৈছে ডাঃ বাবুৰ চহৰীয়াই।
ক’ৰবাত যদি নিজৰ পৰিচয় দি ভোট ভিক্ষা কৰিছে, আন ক’ৰবাত আকৌ বিজেপি দল আৰু বৰ্তমানৰ ৰঙিয়াৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতা (Bhabesh Kalita)ক তীব্ৰ সমালোচনা কৰি গৈছে ডাঃ বাবুৰ চহৰীয়াই।
ৰঙিয়াত অসম জাতীয় পৰিষদে (AJP) ভোটাৰক আকৰ্ষিত কৰিবলৈ লৈছে ন ন কৌশল। দোকানে দোকানে প্ৰচাৰ চলাইছে ৫৭নং ৰঙিয়া (Rangia) বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ডাঃ বাবুল চহৰীয়াই। শতাধিক লোকৰ পৰিৱৰ্তে কিছু সংখ্যক লোকক লগত লৈ পদপথৰ লোকসকলৰ লগতে ব্যৱসায়িক প্ৰতিস্থানসমূহত ব্যতিক্ৰমী প্ৰচাৰ চলাইছে প্ৰাৰ্থীগৰাকীয়ে। ক’ৰবাত যদি নিজৰ পৰিচয় দি ভোট ভিক্ষা কৰিছে, আন ক’ৰবাত আকৌ বিজেপি দল আৰু বৰ্তমানৰ ৰঙিয়াৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতা (Bhabesh Kalita)ক তীব্ৰ সমালোচনা কৰি গৈছে ডাঃ বাবুল চহৰীয়াই। লগতে অসম জাতীয় পৰিষদৰ জয় নিশ্চিত বুলিও দাবী কৰে প্ৰাৰ্থীগৰাকীয়ে।
‘‘বিজেপিয়ে বাস্তৱতাক অস্বীকাৰ কৰিছে। অসম জাতীয় পৰিষদৰ বাস্তৱতাক দেখা নাই। কিয়নো বিজেপিয়ে গাড়ী-ঘোঁৰা লৈ ওপৰে ওপৰে ঘূৰি ফুৰিছে। সেয়ে তেওঁলোকে দেখা নোপোৱাটো স্বাভাৱিক। বিজেপিৰ নেতাসকলে হেলিকপ্টাৰেৰে ঘূৰিছে। আকাশেৰে গ’লে মানুহ নেদেখাটো একেবাৰে স্বাভাৱিক কথা। ৰঙিয়া সমষ্টিত অসম জাতীয় পৰিষদে ৫০ৰ পৰা ৬০ হাজাৰ ভোটত জয়ী হ’ব বুলি আত্মবিশ্বাসী ডাঃ বাবুৰ চহৰীয়া।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|