• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Assembly Election 2021: 'হাজোৰ আকাশত উৰিব উৰাজাহাজ, মৰহিব পদুম ফুল'- শক্তি প্ৰদৰ্শন কৰি মনোনয়ন দাখিল কৰিলে AJPৰ দুলু আহমেদে

Assam Assembly Election 2021: 'হাজোৰ আকাশত উৰিব উৰাজাহাজ, মৰহিব পদুম ফুল'- শক্তি প্ৰদৰ্শন কৰি মনোনয়ন দাখিল কৰিলে AJPৰ দুলু আহমেদে

মনোনয়ন দাখিল কৰি দুলু আহমেদে কয় যে,'হাজোত ৩০ৰ পৰা ৪০ হাজাৰ ভোটৰ ব্যৱধানত এইবাৰ AJP ৰ বিজয় নিশ্চিত'

মনোনয়ন দাখিল কৰি দুলু আহমেদে কয় যে,'হাজোত ৩০ৰ পৰা ৪০ হাজাৰ ভোটৰ ব্যৱধানত এইবাৰ AJP ৰ বিজয় নিশ্চিত'

মনোনয়ন দাখিল কৰি দুলু আহমেদে কয় যে,'হাজোত ৩০ৰ পৰা ৪০ হাজাৰ ভোটৰ ব্যৱধানত এইবাৰ AJP ৰ বিজয় নিশ্চিত'

  • Share this:
অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী দুলু আহমেদে বৃহস্পতিবাৰে দাখিল কৰে মনোনয়ন পত্ৰ।  কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ত হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰে অসম জাতীয় পৰিষদৰ উপ-সভাপতিগৰাকীয়ে ৷ হাজোৰ পৰা উলিওৱা বিশাল ৰেলীত অংশত লয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও ৷

মনোনয়ন দাখিল কৰি দুলু আহমেদে কয় যে,'হাজোত ৩০ৰ পৰা ৪০ হাজাৰ ভোটৰ ব্যৱধানত এইবাৰ AJP ৰ বিজয় নিশ্চিত ৷ সমষ্টিটোত ফেক্টৰ নহয় কংগ্ৰেছ প্ৰাৰ্থী ৷ বিপৰীতে বিজেপি প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াইয়ো সমষ্টিলৈ আহি লাভ নাই। আনকি এইবাৰ নিৰ্বাচনী ফলাফল মোবাইল ফোন যোগে ল'ব লাগিব সুমন হৰিপ্ৰিয়াই ৷ কাৰণ সমষ্টিটোৰ ৰাইজে এইবাৰ পৰিবৰ্তন বিচাৰিছে ৷ সেয়েহে জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ জয় নিশ্চিত।'

ইফালে লুৰিণজ্যোতি গগৈয়েও হাজো সমষ্টিবাসী ৰাইজক, দুলু আহমেদক জয়যুক্ত কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে, হাজো সমষ্টিত এইবাৰ আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ। সমষ্টিটোত এইবাৰ ত্ৰিকোণীয়া প্ৰতিদ্বন্দিতা হ'ব বুলি আশা কৰিছে সমষ্টিবাসীয়ে।
Published by:Himangshu Bhuyan
First published: