உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam-Assembly : ‘‘মহাজোঁটবন্ধনৰ চৰকাৰ হ’লে তলা-চাবি মোৰ হাতত থাকিব’’ – AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ ঘোষণা

    Assam-Assembly : ‘‘মহাজোঁটবন্ধনৰ চৰকাৰ হ’লে তলা-চাবি মোৰ হাতত থাকিব’’ – AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ ঘোষণা

    সোমবাৰে ৬৮নং দলগাঁও সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী মজিবুৰ ৰহমান হৈ নিৰ্বাচনী প্ৰচাৰ চলাই AIUDF প্ৰধান বদৰুদ্দিন আজমলে।

    সোমবাৰে ৬৮নং দলগাঁও সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী মজিবুৰ ৰহমান হৈ নিৰ্বাচনী প্ৰচাৰ চলাই AIUDF প্ৰধান বদৰুদ্দিন আজমলে।

    সোমবাৰে ৬৮নং দলগাঁও সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী মজিবুৰ ৰহমান হৈ নিৰ্বাচনী প্ৰচাৰ চলাই AIUDF প্ৰধান বদৰুদ্দিন আজমলে।

    • Share this:
    ‘‘মইও মুখ্যমন্ত্ৰী নহওঁ। হিমন্ত বিশ্বও নহয়, সৰ্বানন্দ সোণোৱালো নহয়, মহাজোঁঁটৰ মুখ্যমন্ত্ৰী হ’ব এইবাৰ। আৰু মহাজোঁটবন্ধনৰ চৰকাৰ হ’লে তলা–চাবি মোৰ হাতত থাকিব।’’ – দৰঙৰ দলগাঁৱত নিৰ্বাচনী সভাত এইদৰে মন্তব্য কৰে AIUDF প্ৰধান বদৰুদ্দিন আজমলে (Badruddin Ajmal)।

    নিৰ্বাচনী ভাষণ দি থাকোতেই কান্দোনত ভাঙি পৰিল আজমল।  দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি আহাৰ লগে লগে শাসক–বিৰোধীয়ে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তুংগত তুলিছে৷ ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন নিৰ্বাচনী সভাত বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ’ব বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে AIUDF প্ৰধান বদৰুদ্দিন আজমলে।

    সোমবাৰে ৬৮নং দলগাঁও (Dalgaon) সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী মজিবুৰ ৰহমান হৈ নিৰ্বাচনী প্ৰচাৰ চলাই AIUDF প্ৰধান বদৰুদ্দিন আজমলে। তৃতীয় বৰাৰ বাৰে দলগাঁৱত নিৰ্বাচনী প্ৰচাৰত ভাগ লয় আজমলে। ইয়াৰ পূৰ্বে দলগাঁৱত ROAD SHOW জৰিয়তে মজিবুৰ ৰহমানৰ হৈ প্ৰচাৰ চলাইছিল আজমলে। শেহতীয়াভাৱে সোমবাৰে দলগাঁও সমষ্টিৰ অন্তৰ্গত শিয়ালমাৰীত হেলিকপ্টাৰযোগে এক  নিৰ্বাচনী সভাত ভাগ লয় আজমলে।

    AIUDFৰ প্ৰাৰ্থী মজিবুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ ৰাইজৰ আগত বদৰুদ্দিন আজমলে এক সপ্তাহৰ আগতে বেছিমাৰীত এক নিৰ্বাচনী সভাত উপস্থিত থাকিব পৰা নাই বুলি কৈ মঞ্চতে উচুপি উঠিল।

    এইবাৰ তেওঁলোকৰ প্ৰাৰ্থী জয়ী হ’ব বুলি দাবী কৰে আজমলে। লগতে মুখ্যমন্ত্ৰী হোৱা সন্দৰ্ভত ড০ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক প্ৰত্যুত্তৰ দি আজমলে কয়, "ময়ো মুখ্যমন্ত্ৰী নহওঁ, মই এশ বাৰ কৈ আছো। হিমন্ত বিশ্বও নহয়, সৰ্বানন্দ সোণোৱালো নহয়, মহাজোঁঁটৰ মুখ্যমন্ত্ৰী হ’ব। মহাজোঁটবন্ধনত মোৰ বেছি ক্ষমতা আছে। মহাজোঁটৰ চৰকাৰ হ'লে তলা-চাবি মোৰ হাতত থাকিব।"

    এইবাৰ দলগাঁও সমষ্টিতো আমাৰ হাতলৈ আহিব বুলি মন্তব্য কৰে আজমলে। তিনিবাৰ বিধায়ক হৈ ইলিয়াছ আলীয়ে সমষ্টিত একো কাম কৰিব পৰা নাই। আৰু ৰাইজৰ হৈ মাত মতা নাই বুলি কয় তেওঁ। এইবাৰ আমাৰ প্ৰাৰ্থী মজিবুৰ ৰহমান অধিক ভোটত জয়ী হ’লে মন্ত্রিত্ব দিয়াৰ কাৰণো চেষ্টা কৰিম বুলি মন্তব্য কৰে আজমলে।
    Published by:Sanjay Kumar Das
    First published: