உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Assembly Election 2021 : ‘ৰূপকক দিছপুৰলৈ পঠিয়াম, প্ৰদ্যুতক মাৰ্ঘেৰিটালৈ খেদিম’- নগাঁৱত দলত্যাগী কংগ্ৰেছীৰ সংকল্প

    Assam Assembly Election 2021 : ‘ৰূপকক দিছপুৰলৈ পঠিয়াম, প্ৰদ্যুতক মাৰ্ঘেৰিটালৈ খেদিম’- নগাঁৱত দলত্যাগী কংগ্ৰেছীৰ সংকল্প

    কংগ্ৰেছ ত্যাগী আন এজন নেতা প্ৰাঞ্জল বৰাই কয়, "এইবাৰ নগাঁৱত কংগ্ৰেছ প্ৰতিদ্বন্দ্বিতালৈ নাহে। ৰূপক শৰ্মা অভিলেখ সংখ্যক ভোটত জয়ী হৈ বিধানসভালৈ যাব।"

    কংগ্ৰেছ ত্যাগী আন এজন নেতা প্ৰাঞ্জল বৰাই কয়, "এইবাৰ নগাঁৱত কংগ্ৰেছ প্ৰতিদ্বন্দ্বিতালৈ নাহে। ৰূপক শৰ্মা অভিলেখ সংখ্যক ভোটত জয়ী হৈ বিধানসভালৈ যাব।"

    কংগ্ৰেছ ত্যাগী আন এজন নেতা প্ৰাঞ্জল বৰাই কয়, "এইবাৰ নগাঁৱত কংগ্ৰেছ প্ৰতিদ্বন্দ্বিতালৈ নাহে। ৰূপক শৰ্মা অভিলেখ সংখ্যক ভোটত জয়ী হৈ বিধানসভালৈ যাব।"

    • Share this:
    "২০২১ত ৰূপক শৰ্মা (Rupak Sharma)ক আমি আকৌ দিছপুৰলৈ জয়ী কৰাই পঠাম আৰু ২০২৪ত প্ৰদ্যুৎ বৰদলৈ (Pradyut Bordoloi)ক পৰাজিত কৰি মাৰ্ঘেৰিটালৈ পঠিয়াম, সেই লক্ষ্যৰেই  আমি বিজেপিলৈ আহিছো"- এই মন্তব্য আজি কংগ্ৰেছ ত্যাগ কৰা নগাঁও টাউন ব্লক কংগ্ৰেছৰ সভাপতি পৰাণ মহন্তৰ।

    আজি নগাঁৱ (Nagaon)ত ২ সহস্ৰাধিক সমৰ্থকৰ সৈতে কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰা কংগ্ৰেছ নেতা পৰাণ মহন্তই কয়, ‘‘বিগত সময়ছোৱাত বিধায়ক ৰূপক শৰ্মাই সমষ্টিটোত ব্যাপক উন্নয়নেৰে মানুহৰ মন জয় কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে নিজৰ দলৰ মাজতে খোৱা–কামোৰা কৰি দলটো ধ্বংস কৰিলে।’’

    ডাঃ দুৰ্লভ চমুৱা (Dr. Durlav Chamua)ৰ দৰে যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি মুখ্যমন্ত্ৰী হোৱাৰ আশাত প্ৰদ্যুৎ বৰদলৈ (Pradyut Bordoloi)য়ে শান্তনু শৰ্মাৰ দৰে কোনো ৰাজনীতিৰ জ্ঞান নথকা লোকক দলীয় টিকট দি সমষ্টিটোৰ কংগ্ৰেছীসকলৰ মন ভাঙিলে। এতিয়া আৰু নগাঁৱত কংগ্ৰেছৰ অস্তিত্ব নাই। সেয়ে আমি ৰূপক শৰ্মাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ পতাকাৰ তলত সমবেত হৈছো। ৰূপক শৰ্মাই আৰম্ভ কৰা উন্নয়নৰ যাত্ৰাৰ আমি অংশীদাৰ হোৱাৰ লগতে নগাঁৱত কংগ্ৰেছৰ ভেটি উছন কৰিম।" – মন্তব্য পৰাণ মহন্তৰ।

    ইপিনে কংগ্ৰেছ ত্যাগী আন এজন নেতা প্ৰাঞ্জল বৰাই কয়, "এইবাৰ নগাঁৱত কংগ্ৰেছ প্ৰতিদ্বন্দ্বিতালৈ নাহে। ৰূপক শৰ্মা অভিলেখ সংখ্যক ভোটত জয়ী হৈ বিধানসভালৈ যাব।"

    উল্লেখযোগ্য যে আজিৰ যোগদান সমাৰোহত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই কয়, "ন-পুৰণি সকলো দলীয় কৰ্মী আৰু নগাঁৱৰ ৰাইজক লৈ আমি আগুৱাই যাম। নগাঁৱৰ উন্নয়নেই আমাৰ লক্ষ্য। অনাগত দিনতো আমাৰ নগাঁও, আমাৰ গৌৰৱ শ্লোগানেৰে নগাঁও সদৰ সমষ্টিৰ সৰ্বাংগীন উন্নয়ন কৰাৰ লগতে এখন সন্ত্ৰাসমুক্ত নগাঁও নিৰ্মাণৰ বাবে সদায় কাম কৰি যাম।"

    আনহাতে নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথে ভাষণ প্ৰসংগত কয়, "নগাঁও সদৰ সমষ্টিৰ ফলাফলৰ বাবে ২মে’লৈ অপেক্ষা কৰিব নালাগে। আজি কংগ্ৰেছৰ ৰুগ্ন স্বৰূপে প্ৰমাণ কৰিছে নগাঁৱৰ ৰাইজে ৰূপক শৰ্মাৰ বিকল্প হিচাপে আৰু কাকো নিবিচাৰে। নগাঁৱত ৰূপক শৰ্মাৰ জয় নিশ্চিত।"

    উল্লেখযোগ্য যে, প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবে ইতিমধ্যে নগাঁৱত প্ৰায় ৫ সহস্ৰাধিক কংগ্ৰেছীয়ে দলত্যাগ কৰি বিজেপিত যোগদান কৰিছে।
    Published by:Sanjay Kumar Das
    First published: