এটাৰ পিছত আন এটা বিতৰ্কত সোমাই পৰিছে AIUDF দলৰ নেতৃত্ব। এইবাৰ বিতৰ্কিত মন্তব্য বদৰুদ্দিন আজমলৰ পুত্ৰ আব্দুৰ ৰহিম আজমলৰ। ভবানীপুৰত এখ নিৰ্বাচনী সভাত আব্দুৰ ৰহিম আজমলে কয়, ‘অসমত এইবাৰ দাড়ি, টুপী, লুঙীৱালাৰ চৰকাৰ হ'ব’৸।
মহাজোঁটৰ চৰকাৰ হ’৸ব বুলি ভাষণ দি থকাৰ মাজতে এই মন্তব্য কৰে আব্দুৰ ৰহিম আজমলে। ‘মহাজোঁটৰ চৰকাৰ হ’৸লে বুৰ্কা পিন্ধা মহিলাই সন্মান পাব, গীতা বাইবেলৰ দৰেই কোৰাণে সন্মান পাব, এজন সাধু বা যাজকৰ সমানেই সন্মান পাব এজন মোল্লাই’।
ভবানীপুৰ সমষ্টিৰ AIUDF প্ৰাৰ্থী ফণী তালুকদাৰৰ হৈ প্ৰচাৰ চলাবলৈ গৈ এই বিতৰ্কিত মন্তব্য কৰে আজমলৰ পুত্ৰ আব্দুৰ ৰহিম আজমলে।
Published by: Manjumoni Borah
FIRST PUBLISHED : April 03, 2021, 09:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|