আজি অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। উজনি আৰু উত্তৰ অসমৰ লগতে মধ্য অসমৰো ৫টা সমষ্টিত আজি পুৱা ৭বজাৰে পৰা অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। কিন্তু এইবাৰ নিৰ্বাচনত ভোটাৰৰ লগতে প'লিং আৰু প্ৰিজাইডিং বিষয়া সকলোৱে মানি চলিব লাগিব ক'ভিড বিধি।
- নিৰ্বাচনত ভোটদান কৰিবলৈ যোৱা ভোটাৰে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
- ভোটাৰে সামাজিক ব্যৱধান ৰাখি ভোটদানৰ বাবে শাৰী পাতিব লাগিব।
- ভোটদানৰ সময়ত হেণ্ড গ্লোভছ পৰিধান কৰিব লাগিব।
- প'লিং-প্ৰিজাইডিং বিষয়া, আৰক্ষী বিষয়া-জোৱান, পলিং এজেণ্ট সকলোৱে মাস্ক চেণীটাইজাৰ ব্যৱহাৰ কৰিব লাগিব।
ইতিমধ্যে জিলা প্ৰশাসনৰ তৰফৰ পৰা বিষয়াসকলক এই সকলো সামগ্ৰী যোগান দিয়া হৈছে। লগতে যদি কোনো ভোটাৰে মাস্ক পৰিধান কৰি নাহে তেন্তে তেঁওক ভোটগ্ৰহণ কেন্দ্ৰত থকা সহায়কাৰী বিষয়াই মাস্ক প্ৰদান কৰিব। কিন্তু ইতিমধ্যে প্ৰতিখন জিলাৰ বিষয়াই সকলো ভোটাৰকে মাস্ক পৰিধান কৰি আহিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে।
উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নগাওঁ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ লগতে উজনি অসমৰ ১১ খন জিলাৰ ১১ হাজাৰ ৫৩৭ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত মুঠ ৪৭টা সমষ্টিত হ’ব নিৰ্বাচন।
এইবাৰ কোৰোণাৰ ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বহু নীতি-নিয়মৰ মাজেৰে সম্পন্ন হ'ব ভোটদান প্ৰক্ৰিয়া। সেইদৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে বহুকেইগৰাকী হেভীৱেইট প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব ইভিএম মেচিনত।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, মন্ত্ৰী নৱকুমাৰ দলে, মন্ত্ৰী ৰঞ্জিত দত্ত, মন্ত্ৰী যোগেন মহন, সঞ্জয় কিষাণ, কংগ্ৰেছ নেতা ভূপেন কুমাৰ বৰা, প্ৰাক্তন সাংসদ আৰ পি শৰ্মা, অজাপৰ নেতা জগদীশ ভূঞাৰ ভাগ্য বন্দী হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৮১,০৯,৮১৫ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ২৬৪গৰাকী ভোটাৰৰ ভাগ্য। ইয়াৰে ভিতৰত ৪০,৭৭,২১০গৰাকী পুৰুষ ভোটাৰ হোৱাৰ বিপৰীতে ৪০,৩২,৪৮১ গৰাকী মহিলা ভোটাৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|