Assam-Assembly: তৃতীয় পৰ্যায়ত ৮১.০৬ শতাংশ ভোটগ্ৰহণেৰে সম্পন্ন হ'ল অসম বিধানসভা নিৰ্বাচন, সংখ্যালঘু অধ্যুষিত সমষ্টিত ব্যাপক হাৰত ভোটদান

এতিয়া অপেক্ষা ২ মে'লৈ
এই মুহূৰ্তলৈকে অহা খবৰ অনুসৰি, তৃতীয় পৰ্যায়ত ৮১.০৬ শতাংশ ভোটগ্ৰহণ সম্পন্ন হৈছে। কিন্তু এই পৰিসংখ্যা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। উল্লেখ্য যে, প্ৰথম আৰু দ্বিতীয় পৰ্য্যায়তকৈ তৃতীয় পৰ্য্যায়ত তুলনামূলকভাৱে ভোটদানৰ হাৰ বৃদ্ধি পাইছে। তৃতীয় পৰ্যায়ত তাৎপৰ্যপূৰ্ণভাৱে, সংখ্যালঘু অধ্যুষিত এলেকাতহে ভোটদানৰ হাৰ সৰ্বাধিক হোৱা দেখিবলৈ পোৱা গৈছে। আনহাতে গুৱাহাটী মহানগৰীৰ চাৰিওটা সমষ্টিত তুলনামুলক ভাবে কম হৈছে ভোটদান।
শেহতীয়া তথ্য মতে, সংখ্যালঘু অধ্যুষিত সমষ্টিত ভোটদানৰ হাৰ এনেধৰণৰঃ
- গৌৰীপুৰত ৯০.২০ শতাংশ
- ধুবুৰীত ৮৯.৩০ শতাংশ
- দক্ষিণ শালমৰা সমষ্টিত ৮৯.৮২ শতাংশ
- বাঘবৰ সমষ্টিত ৮৫.৫০ শতাংশ
- বৰপেটা ৭৮.৯০ শতাংশ
- ভবানীপুৰ ৭৮.৫০ শতাংশ
- দক্ষিণ অভয়াপুৰী ৭৯.৯৩ শতাংশ
- উত্তৰ অভয়াপুৰীত ৭৮.৬১ শতাংশ
- বিলাসীপাৰা পূৱ ৮৬.১৬ শতাংশ
- বিলাসীপাৰা পশ্চিম ৮৮.২১ শতাংশ
- চেঙাত ৮৪.৬৬ শতাংশ
- গোৱালপাৰা পূৱত ৮৪.৫৬ শতাংশ
- গোৱালপাৰা পশ্চিম ৮৮.৭৬ শতাংশ
- গোলকগঞ্জ ৮৮.১০ শতাংশ
- জলেশ্বৰ ৮৯ শতাংশ
- জনিয়াত ৮৭.০৬ শতাংশ
- মানকাছাৰ ৮৯.২১ শতাংশ
কিন্তু ইয়াৰ তুলনাত অন্যান্য সমষ্টিত ভোটদানৰ হাৰ কিছু কম হোৱা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰৰ চাৰি সমষ্টি ক্ৰমে, জালুকবাৰী সমষ্টিত ৭৯ শতাংশ, দিছপুৰ সমষ্টিত ৭২ শতাংশ, পূৱ গুৱাহাটীত ৬৯ শতাংশ, পশ্চিম গুৱাহাটীত ৭৯ শতাংশ ভোটদান সম্পন্ন হয়।
এতিয়া সকলোৰে অপেক্ষা ২ মে'লৈ।যদিও প্ৰতিটো ৰাজনৈতিক দলেই চৰকাৰ গঠন কৰাৰ দাবী কৰিছে, তথাপিও অহা ২ মে'ত স্পষ্ট হৈ পৰিব, অহা ৫ বছৰলৈ শাসনৰ গাদীত কোন অধিস্থিত হয়!