
File Photo
লাহোৱাল সমষ্টিৰ লগতে উজনিৰ বিভিন্ন স্থানৰ শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে এই সভাত।
কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী (Rahul Gandhi)ৰ ডিব্ৰুগড় (Dibrugarh)লৈ আগমণক কেন্দ্ৰ কৰি উজনিৰ কংগ্ৰেছ মহলত এতিয়া ব্যাপক উৎসাহ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ডিব্ৰুগড়ৰ লাহোৱালত ছাত্র–ছাত্ৰীৰ সৈতে মত বিনিময় ৰাহুল গান্ধীৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ডিব্ৰুগড় বিমানবন্দৰত ১১.১০ বজাত অৱতৰণ কৰিয়েই পোনে পোনে লাহোৱালৰ মটক চাহ বাগিচা খেলপথাৰত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বাৰ্তালাপত অংশগ্ৰহণ কৰে।
লাহোৱাল সমষ্টিৰ লগতে উজনিৰ বিভিন্ন স্থানৰ শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে এই সভাত। উল্লেখযোগ্য যে নিৰ্বাচনৰ প্ৰাকক্ষণত এইদৰে অসমৰ যুৱ শক্তিয়ে কংগ্ৰেছৰ youth icon হিচাপে খ্যাত ৰাহুল গান্ধীৰ সৈতে অসমত মত বিনিময়ৰ বাবে ওলাই অহা বিষয়টো বিশেষ তাৎপৰ্য বহন কৰিছে। লগতে লাহোৱাল সমষ্টিত ৰাহুল গান্ধীৰ আগমন আৰু এই কাৰ্যসূচীয়ে কংগ্ৰেছ প্ৰক্ষেপিত প্ৰাৰ্থী মনোজ ধানোৱাৰৰ বাবেও গৌৰৱৰ বিষয় বুলি উল্লেখ কৰিলে কংগ্ৰেছ কৰ্মী সকলে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|