உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Assembly : বিধানসভাত পৰিৱৰ্তন, ডিজিটেল হ’ল অসম বিধানসভা, বিধায়কৰ নতুন অভিজ্ঞতা

    Assam Assembly : বিধানসভাত পৰিৱৰ্তন, ডিজিটেল হ’ল অসম বিধানসভা, বিধায়কৰ নতুন অভিজ্ঞতা

    প্ৰথমদিনাৰ এই নতুন অভিজ্ঞতাক আদৰণি জনালে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই, আদৰণি জনালে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও৷

    প্ৰথমদিনাৰ এই নতুন অভিজ্ঞতাক আদৰণি জনালে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই, আদৰণি জনালে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও৷

    প্ৰথমদিনাৰ এই নতুন অভিজ্ঞতাক আদৰণি জনালে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই, আদৰণি জনালে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও৷

    • Share this:
    অসম বিধানসভালৈ আহিছে অভিনৱ পৰিৱৰ্তন৷ কাগজৰ সংখ্যা কমাই প্ৰশ্নোত্তৰকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ নথি জনপ্ৰতিনিধিক অনলাইনযোগে পোৱাৰ ব্যৱস্থা কৰিছে অসম বিধানসভাই৷ প্ৰৱেশ পত্ৰও উপলব্ধ হৈছে অনলাইনত৷ জনপ্ৰতিনিধিৰ বাবে ব্যৱস্থা কৰা হৈছে 'EAR PHONE'ৰ ৷ সঁচাকৈয়ে অসম বিধানসভাই দিলে ডিজিটেল বিধানসভাৰ প্ৰথমটো খোজ৷

    প্ৰথমবাৰৰ বাবে লোকসভা, ৰাজ্যসভাৰ দৰে ডিজিটেল বিধানসভাৰ আৰম্ভণি ঘটিল অসম বিধানসভাতো৷ জনপ্ৰতিনিধিৰ কাণে কাণে হাইটেক EAR PHONE। কোনোবাই যদি বড়ো ভাষাত প্ৰশ্ন উত্থাপন কৰিছে সেই ভাষা বুজি নোপোৱাসকলে EAR PHONEযোগেদি অসমীয়া বা ইংৰাজীত শুনিব পৰাৰ ব্যৱস্থা আছে EAR PHONEতে৷ প্ৰথমেই UPPLৰ বিধায়ক ইছলাৰীয়ে বড়ো ভাষাত উত্থাপন কৰা প্ৰশ্নটো আনসকলে নিজ সুবিধামতে নিজৰ পছন্দৰ ভাষা এটাত শুনিলে৷ পিছে EAR PHONEত থকা ট্ৰান্সলেটৰে বিপাঙত পেলালে বহুতকে৷ বহুতৰ অভিযোগৰ পিছত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েই ক'লে, আপুনি অসমীয়াতে কৰক প্ৰশ্ন৷

    ডিজিটেল বিধানসভাৰ যোগেদি জনপ্ৰতিনিধিৰ সন্মুখত কাগজৰ দ'ম নাৰাখি লবীয়ে লবীয়ে দিয়াৰ লগতে অনলাইনযোগে নথি পত্ৰ পোৱাৰো ব্যৱস্থা হাতত লৈছিল অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ পিছে কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ৰকিবুল হুছেইনে জনালে অভিযোগ৷ সঠিক ৰূপত নথি নোপোৱাৰ অভিযোগ আনিলে ৰকিবুল হুছেইনে৷ লগে লগে বিষয়টোক লৈ ৰকিবুল হুছেইনক তদন্তৰ আশ্বাস দিলে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷

    প্ৰথমদিনাৰ এই নতুন অভিজ্ঞতাক আদৰণি জনালে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই, আদৰণি জনালে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও৷ চলিত বিধানসভাত বহুকেইটা লেখত ল'বলগীয়া পৰিৱৰ্তন দেখা গৈছে৷ ইয়াৰ ভিতৰত আন এক নতুন সংযোজন হ'ল সাংবাদিককে ধৰি অন্যান্য সকলৰ বাবে প্ৰথমবাৰৰ কাৰণে কৰা অনলাইন পাছৰ ব্যৱস্থা৷ যি পাছ ট্ৰান্সফাৰেবল নহয়, স্কেনাৰৰ যোগেদি প্ৰৱেশকাৰীৰ তথ্য লাভ কৰে বিধানসভা কৰ্তৃপক্ষই৷ মুঠৰ ওপৰত প্ৰথম অৱস্থাত খেলিমেলি হ'লেও অসম বিধানসভাৰ এই নতুন খোজ হয়তো সুদূৰপ্ৰসাৰী হ'ব৷

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: