• Home
  • »
  • News
  • »
  • assam
  • »
  • OPINION : দাদাৰ পৰা মামালৈ, হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিত নাটকীয় উত্থান-পতন!

OPINION : দাদাৰ পৰা মামালৈ, হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিত নাটকীয় উত্থান-পতন!

Social Mediaত শর্মাৰ স্বভাৱসুলভ মন্তব্যবোৰৰ আধাৰত নিৰ্মাণ হোৱা ব্যংগাত্মক ভিডিঅ’সমূহৰ পৰাই আৰম্ভ হ’ল এই সম্বোধন বুলি বহুজনে ক’ব খোজে।

Social Mediaত শর্মাৰ স্বভাৱসুলভ মন্তব্যবোৰৰ আধাৰত নিৰ্মাণ হোৱা ব্যংগাত্মক ভিডিঅ’সমূহৰ পৰাই আৰম্ভ হ’ল এই সম্বোধন বুলি বহুজনে ক’ব খোজে।

Social Mediaত শর্মাৰ স্বভাৱসুলভ মন্তব্যবোৰৰ আধাৰত নিৰ্মাণ হোৱা ব্যংগাত্মক ভিডিঅ’সমূহৰ পৰাই আৰম্ভ হ’ল এই সম্বোধন বুলি বহুজনে ক’ব খোজে।

  • Share this:
১০ বছৰ শাসন কৰাৰ পাছত পুনৰ ২০১১ চনত তৰুণ গগৈৰ নেতৃত্বত ৭৮খন আসনত জয়লাভ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছে অসমত চৰকাৰ গঠন কৰিছিল। ৰাজনৈতিক বিশ্লেষকক মিছা প্ৰমাণিত কৰি বিমলা প্ৰসাদ চলিহাৰ পিছত মুখ্যমন্ত্ৰী হিচাপে তৃতীয় বাৰৰ কাৰণে শপত লোৱা দ্বিতীয়জন ব্যক্তি হৈ পৰিছিল তৰুণ গগৈ। সেই নিৰ্বাচনী যুঁজ তথা বিগত চৰকাৰখন চলোৱাৰ ক্ষেত্ৰত গগৈৰ অবিসম্বাদী চকুৰ মণি আছিল হিমন্ত বিশ্ব শৰ্মা। পিছে চকুৰ মণি চকুৰ কুটা হ’বলৈ বেছি পৰ নালাগিল।

২০১২ চনত সেই সময়ৰ গগৈ চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মার্কিন যুক্তৰাষ্ট্ৰলৈ গৈছিল। দেশত নথকা অৱস্থাত দিল্লীৰ পৰা প্ৰকাশিত এখন সাপ্তাহিক বার্তালোচনীত এটা বাতৰি প্ৰকাশ পাইছিল। বাতৰিটো হৈছে উপ-ৰাষ্ট্ৰপতি হামিদ আনচাৰীৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত তৰুণ গগৈ দেশৰ উপ-ৰাষ্ট্ৰপতি হ’ব। অসমৰ সংবাদ মাধ্যমত এই বাতৰি বাখ্যা কৰা হ’ল অন্য ধৰণে – তৰুণ গগৈক দিল্লীলৈ প্ৰেৰণ কৰি হিমন্ত বিশ্ব শৰ্মাই আঁজুৰিব বিচাৰিছে মুখ্যমন্ত্ৰীৰ আসন। বাতৰিৰ প্ৰত্যুত্তৰ দিবলৈ নাছিল শৰ্মা।

শৰ্মাই মার্কিন যুক্তৰাষ্ট্ৰৰ পৰা দিল্লীত ভৰি দিয়াৰ দিনা অসম ভৱনত তেওঁক স্বাগতম জনাবলৈ ভিৰ কৰিছিল কংগ্ৰেছৰ বহুকেইজন যুৱ নেতাই। শর্মা আছিল এওঁলোকৰ গুৰু। তাৰে একাধিকজনে শর্মাৰ আঙুলিত ধৰি ৰাজনীতিৰ কুঁহিপাঠ স্পর্শ কৰিছিল। অসম ভৱনত দাদাক স্বাগতম জনোৱাৰ এক ৰাজনৈতিকভাৱে অপৰিপক্ক পৰিকল্পনা কৰা এই তৰুণৰ জাকটোকে সংবাদ মাধ্যমে নাম দিছিল – ‘দাদা ব্ৰিগেড’। এওঁলোকে শৰ্মাৰ নামটো উচ্চাৰণ নকৰে; বৰঞ্চ সৰ্বত্ৰ দাদা বুলিয়েই কয়। এনেধৰণে অনুৰাগীসকলৰ কাৰণে সাৰ্বজনীন দাদা হৈ পৰিছিল শৰ্মা।

সেই সময়ত শর্মাই গগৈৰে সংঘাত অস্বীকাৰ কৰিছিল; কিন্তু কালক্ৰমত দুবছৰৰ পিছত ২০১৪ চনত ৪০জন বিধায়কক লগত লৈ ৰাজভৱনত মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰিছিল শৰ্মাই। ২০১৫ চনত তেওঁ বিজেপিত যোগদান কৰে। তেওঁৰ লগতে ‘দাদা ব্ৰিগেড’ৰ প্ৰায় কেইজন সদস্যই গেৰুৱা দলটোক আঁকোৱালি লয়। শৰ্মাৰ আশীৰ্বাদত তেওঁলোকৰ প্ৰায়খিনিয়েই বিজেপিত সংস্থাপিত হৈছে। সেই সময়তে মার্কিন যুক্তৰাষ্ট্ৰত পঢ়া-শুনা সাং কৰি অসমলৈ ঘূৰি আহিছিল তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ। উদ্দেশ্য আছিল ৰাজনীতিত প্ৰৱেশ কৰাৰ। জ্যেষ্ঠ গগৈয়ে উত্তৰসুৰী হিচাপে পুত্ৰক প্ৰস্তুত কৰিবলৈ অগ্ৰসৰ হোৱাৰ কাৰণে শংকিত হৈ শৰ্মাই বিসম্বাদ আৰম্ভ কৰিছিল বুলি বিশ্লেষক সকলে ক’ব বিচাৰে।

সেই দাদা এতিয়া মামা!

সময় বাগৰাৰ লগে লগে পৰিয়ালত নতুন সদস্য যোগ হয় আৰু পৰিৱৰ্তন হয় সম্বন্ধৰ সংজ্ঞা। ২০১২ চনৰ পৰা আজি লৈকে ব্ৰহ্মপুত্ৰৰে বৈ গ’ল বহু পানী। হিমন্ত বিশ্ব শর্মাই ৫০ৰ দেওনা পাৰ কৰিলে। গতিকে বিজেপি পৰিয়ালত যোগদান কৰা যুৱচামৰ কাৰণে তেওঁ হৈ পৰিল ‘মামা’। Social Mediaত শর্মাৰ স্বভাৱসুলভ মন্তব্যবোৰৰ আধাৰত নিৰ্মাণ হোৱা ব্যংগাত্মক ভিডিঅ’সমূহৰ পৰাই আৰম্ভ হ’ল এই সম্বোধন বুলি বহুজনে ক’ব খোজে। নাম প্ৰকাশত অনিচ্ছুক বিজেপিৰ এজন নেতাৰ মতে, শৰ্মাক হেয় প্ৰতিপন্ন কৰিবলৈ নিৰ্মাণ হোৱা এই ভিডিঅ’বোৰৰ কাৰণেই তেওঁ অসমৰ প্ৰতিজন লোকৰ পৰিয়ালৰ সদস্য হৈ পৰিল; আই-মাতৃ সকলৰ মৰমৰ ভাতৃ হৈ পৰিল।

কিন্তু এই সম্বোধনৰ কাৰণে শর্মা ৰাজনৈতিক বক্ৰোক্তিৰো সন্মুখীন হৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে অসমৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শৰ্মাক মহাভাৰতৰ অন্যতম চৰিত্ৰ শকুনীৰে তুলনা কৰিলে। বিজেপিৰ ‘ডাবল ইঞ্জিন’ৰ উদ্ধৃতি দি তেওঁ ক’লে – এটা ইঞ্জিন চলাই আছে ৰজা ধৃতৰাষ্ট্ৰই আৰু আনটো ইঞ্জিন শকুনী মামাৰ হাতত। মুখ্যমন্ত্ৰী সোণোৱালক তেওঁ ধৃতৰাষ্ট্ৰ আখ্যা দিলে। মহাকাব্য মহাভাৰতত শকুনীয়ে চলাহী কথাৰে অন্ধ ৰজা ধৃতৰাষ্ট্ৰক বিপথে পৰিচালিত কৰিছিল।

ভাৰতৰ ৰাজনীতিত এক বুজন সংখ্যক লোকৰ পৰোক্ষভাৱে পৰিয়ালৰ সদস্য হৈ পৰা নেতাৰ উদাহৰণ সুলভ। স্বাধীনতা আন্দোলনৰ সময়ত আঁঠুলৈকে চুৰিয়া পিন্ধি হাতত এডাল লাঠী লৈ স্বাধীনতা আন্দোলনৰ নেতৃত্ব প্ৰদান কৰি ইংৰাজক ভাৰত ত্যাগ কৰিবলৈ বাধ্য কৰোৱা মহামানৱ মহাত্মা গান্ধীক সকলোৱে সম্বোধন কৰিছিল ‘বাপু’ বুলি। তেওঁৰ ভাৰতীয়ৰ আছিল অবিসম্বাদী পিতৃ। স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ শিশুৰ প্রতি থকা অসাধাৰণ মৰমৰ কাৰণে তেওঁক শিশু সকলে ‘খুড়া’ বুলি সম্বোধন কৰিছিল। শান্তিৰ নোবেল বঁটা বিজয়ী মাদাৰ টেৰেছাক তেওঁৰ অৱদানৰ কাৰণে অনুৰাগী সকলে ‘মাদাৰ’ বুলি সম্বোধন কৰিছিল। তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চি এন আন্নাদুৰাইক তেওঁৰ অনুগামী সকলে ‘আন্না’ বুলি মাতিছিল। জে জয়াললিতা আছিল সকলোৰে ‘আম্মা’। একালৰ দেশৰ উপ–প্ৰধানমন্ত্ৰী দেৱী লাল আছিল হাৰিয়ানা বাসীৰ কাৰণে ‘তাও’ অৰ্থাৎ বৰদেউতা। কংগ্ৰেছ নেতা জগজীৱন ৰামক সকলোৱে মাতিছিল ‘বাবুজী’ বুলি। ভিয়েটনামৰ বিপ্লৱী নেতা হু চি মীন আছিল ‘অংকল হু’। এইসকলে এই নাম পাইছিল নিজৰ কৰ্মৰাজিৰ যোগেদি।

অসমৰ বেলিকা হিমন্ত বিশ্বই ‘মামা’ৰ সম্বোধন লাভ কৰাৰ আঁৰত আছে তেওঁক লৈ পৰিকল্পিতভাৱে আৰম্ভ হোৱা ব্যংগাত্মক প্ৰচাৰ। কিন্তু তেনে প্ৰচাৰে নিঃসন্দেহে তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছে। লক্ষণীয় হ’ব ‘মামা’ই কিদৰে তেনে প্ৰচাৰক সমল হিচাপে লৈ ৰাজনীতিৰ শিখৰত উপস্থিত হয়গৈ?
Published by:Sanjay Kumar Das
First published: