"বিজেপি এটি পৰিকল্পনাহীন দল, পৰিকল্পনাহীন ভাবেই বিজেপিয়ে পাঁচটা বছৰ ৰাজ্যত শাসন চলালে। ভাৰতবৰ্ষৰ মানুহে কেৱল কংগ্ৰেছক বিশ্বাস কৰে আৰু ৰাজ্যবাসীয়ে এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ বিচাৰে।"- ১০৯ নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ভূপেন কুমাৰ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই গৌৰৱ গগৈৰ তীব্ৰ সমালোচনা কৰে শাসকীয় বিজেপিক।
শুকুৰবাৰে বিয়লি বিহপুৰীয়া সমষ্টিত উপস্থিত হৈ সমষ্টিটোৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলাই গৌৰৱ গগৈয়ে। শেষত বিহপুৰীয়া নগৰৰ মাজমজিয়াত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশ লৈ এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ গঠন হোৱাতো নিশ্চিত বুলি মন্তব্য কৰে।
কংগ্ৰেছৰ যুৱ নেতাগৰাকীয়ে শাসকীয় বিজেপিক কটু সমালোচনা কৰি যোৱা ৫টা বছৰত কি পৰিৱৰ্তন আনিলে বুলিও প্ৰশ্ন কৰে। নিবনুৱা সমস্যা, সামগ্ৰীৰ দাম নিয়ন্ত্ৰণত চূড়ান্ত ভাবে বিজেপি চৰকাৰ ব্যৰ্থ হোৱা বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে। লগতে গৌৰৱ গগৈয়ে কংগ্ৰেছৰ ৫টা গেৰাণ্টিৰ প্ৰসংগ উত্থাপন কৰি শান্তি, সম্প্ৰতি আৰু নিৰাপত্তা কেৱল কংগ্ৰেছেহে আনিব বুলি মন্তব্য কৰে। সভাত দলীয় প্ৰাৰ্থী ভূপেন কুমাৰ বৰাই সমষ্টিবাসীৰ আধৰুৱা সপোন সম্পূৰ্ণ কৰিম বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|