'পাটাচাৰকুছিত হাৰিব ৰঞ্জিত দাস, বাজেয়াপ্ত হ'ব আমানতৰ ধন'- নীলমণিসেন ডেকাৰ মতে, কংগ্ৰেছে অকলেই পাব ৭০ খন আসন

News18 Assam | News18-Assam
Updated:March 13, 2021, 4:41 PM IST
'পাটাচাৰকুছিত হাৰিব ৰঞ্জিত দাস, বাজেয়াপ্ত হ'ব আমানতৰ ধন'- নীলমণিসেন ডেকাৰ মতে, কংগ্ৰেছে অকলেই পাব ৭০ খন আসন
শাসক বিৰোধী সকলো দলেই প্ৰস্তুত কৰি আছে তৃতীয় পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া সমষ্টি সমূহৰ প্ৰাৰ্থীত্ব তালিকা।

শাসক বিৰোধী সকলো দলেই প্ৰস্তুত কৰি আছে তৃতীয় পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া সমষ্টি সমূহৰ প্ৰাৰ্থীত্ব তালিকা।

  • Share this:
অসমৰ চৌদিশে বলিছে নিৰ্বাচনী গৰম বতাহ। প্ৰথম পৰ্যায় আৰু দ্ধিতীয় পৰ্যায়ৰ মনোনোয়ন পত্ৰ দাখিলৰ পৰ্বৰ পিছত এইবাৰ আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীত্ব তালিকাৰ প্ৰস্তুতিৰ পৰ্ব।  শাসক বিৰোধী সকলো দলেই প্ৰস্তুত কৰি আছে তৃতীয় পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া সমষ্টি সমূহৰ প্ৰাৰ্থীত্ব তালিকা। একমাত্ৰ এআইইউডিএফ দলেহে তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ইতিমধ্যে ঘোষণা কৰিছে।

ইয়াৰ মাজতে, কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই দাবী কৰে যে, এইবাৰ অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ'ব। কেৱল সেয়াই নহয়, পাটাচাৰকুছি সমষ্টিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ আমানতৰ ধন বাজেয়াপ্ত হ'ব বুলিও কটাক্ষ কৰে প্ৰাক্তন কৃষি মন্ত্ৰী নীলমণি সেন ডেকাই।

ধৰ্মপুৰ সমষ্টিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ  পতন হ'ব বুলিও ভৱিষ্যতবাণী কৰে নীলমণি সেন ডেকাই। ইফালে কংগ্ৰেছ মহাজোঁটে ১০১ প্লাছ আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে অকলেই ৭০ খন আসন পাব বুলি দাবী কৰে ধৰ্মপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীগগৰাকীয়ে।

উল্লেখযোগ্য যে, নীলমণি সেন ডেকাৰ টিকটৰ অংকত এইবাৰ আউল লগাইছে সমষ্টিটোৰ যুৱ কংগ্ৰেছী নেতা ৰাতুল পাটোৱাৰীয়ে।
Published by: Himangshu Bhuyan
First published: March 13, 2021, 4:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি