"এআইইউডিএফ ২০০৫ চনতহে জন্ম হৈছিল। কিন্তু মই আৰু মোৰ দেউতাই ১৯৮৩ চনৰে পৰা বহু সংখ্যালঘূ মুছলমানৰ নাম ভোটাৰ তালিকাৰ ভৰালো। সেয়ে এতিয়া বটদ্ৰৱাত আপোনালোকে ভোটাধিকাৰ পাইছে। গতিকে মোক ভোট দিয়ক।" - এই মন্তব্য বটদ্ৰৱাৰ কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ।
প্ৰাক্তন বিধায়ক প্ৰয়াত কিৰণ বৰাৰ কন্যা শিৱামণিয়ে নিজকে সংখ্যালঘূ মুছলমানৰ ত্ৰাণকৰ্তা সজাবলৈ বৰ্তমান উঠিপৰি লাগিছে। শুকুৰবাৰে বটদ্ৰৱাৰ এখন সভাত শিৱামণিয়ে এআইইউডিএফৰ সমৰ্থকক অভয় দান কৰি কয়, তেওঁ বিধায়ক হ'লে সংখ্যালঘূ মুছলমানক সকলোতকৈ বেছি গুৰুত্ব দিব। অনাগত দিনবোৰত কেৱল তেওঁ বটদ্ৰৱাৰ সংখ্যালঘূ মুছলমানৰ বাবেই কাম কৰি যাব। সেয়ে তেওঁক ভোট দিব লাগে। কাৰণ তেওঁ খণ্ড উন্নয়ন বিষয়া হোৱাৰ পৰাই সংখ্যালঘূ মুছলমানৰ নাম ভোটাৰ তালিকাত ভৰাই আহিছে। কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ এই নিৰ্লজ্জ স্বীকাৰোক্তিৰ পিছতে ক্ষোভিত হৈ পৰিছে বটদ্ৰৱাৰ ৰাইজ। ভোট লাভৰ বাবে জনপ্ৰতিনিধিৰ এনে নিকৃষ্ট ৰাজনীতিক ধিক্কাৰ দিছে সকলোৱে।
আনহাতে ক্ষমতা লাভ কৰাৰ স্বাৰ্থত শিৱামণি বৰাই প্ৰয়াত পিতৃ কিৰণ বৰাৰ নামো এনে বিতৰ্কলৈ টানি অনাত ক্ষোভিত হৈ পৰিছে কংগ্ৰেছৰে একাংশ কৰ্মী। যি সময়ত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত মূলসূতিৰ অসমীয়া ৰাইজে অস্তিত্বৰ সংকটত ভূগিছে সেই সময়ত এগৰাকী অসমীয়া হৈয়ো কেৱল মাত্ৰ ভোট লাভৰ বাবেই এনে প্ৰচেষ্টা কৰা কাৰ্যই পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|