মিঞা সংগ্ৰহালয়ক লৈ ৰাজনৈতিক বাকযুদ্ধ তুংগত। অসমীয়া সভ্যতা-সংস্কৃতিলৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ ষড়যন্ত্ৰৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপনৰ ষড়যন্ত্ৰ। মিঞা সংগ্ৰহালয় বিচাৰি ৰাজ্য চৰকাৰলৈ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে লিখা পত্ৰক কেন্দ্ৰ কৰি এতিয়া গৰম হৈছে ৰাজ্যৰ ৰাজনীতি। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় নিৰ্মাণৰ প্ৰস্তাৱ দিয়াকলৈ এতিয়া বিজেপি দলে তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফক। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এটা বিশেষ সভ্যতাই অসমীয়া জাতিৰ ওপৰত আক্ৰমণ চলাই আছে বুলি মন্তব্য কৰিছে। মিঞা মিউজিয়াম বিচাৰি ৰাজ্য চৰকাৰলৈ পত্ৰ লিখা কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক সমালোচনাৰে থকা-সৰকা কৰিছে বিজেপি আৰু অগপ নেতৃত্বই। আনকি বিধায়কজনৰ এনে কাম-কাজক নিন্দা কৰিছে অসমীয়া সভ্যতা-সংস্কৃতিক ভাল পোৱা প্ৰতিগৰাকী অসমীয়াই।
তাৰ মাজতে বিধায়ক শ্বেৰমান আলীৰ এখন পত্ৰই সৃষ্টি কৰিছে জোকাৰণিৰ। বিধায়ক শ্বেৰমান আলীৰ মতে, কলাক্ষেত্ৰত চৰ চাপৰিৰ কলা সংস্কৃতিৰ সংগ্ৰহালয় তেওঁৰ ব্যক্তিগত সিদ্ধান্ত নহয়, বিধানসভাৰ ‘ডিপাৰ্টমেণ্টেল ৰিলেটেড ষ্টেণ্ডিং কমিটী’য়ে বিচাৰিছিল কলাক্ষেত্ৰত চৰ-চাপৰিৰ সংগ্ৰহালয় নিৰ্মাণ কৰাটো। অগপ বিধায়ক উত্পল দত্তক সভাপতি হিচাপে লৈ গঠন কৰা কমিটীত আছিল সৰ্বমুঠ ১৫ জন বিধায়ক। ইয়াৰে ছজন বিধায়ক বিজেপি দলৰ।
কোন আছিল কমিটীত-
সভাপতি আছিল অগপ বিধায়ক উত্পল দত্ত।
ড০ মানসিং ৰংপি, বিজেপি বিধায়ক।
পদ্ম হাজৰিকা, বিজেপি বিধায়ক।
ভৱেন্দ্ৰ নাথ ভৰালী, অগপ বিধায়ক।
থানেশ্বৰ বসুমতাৰী, বিপিএফৰ বিধায়ক।
ৱাজেদ আলী চৌধুৰী, কংগ্ৰেছৰ বিধায়ক।
শ্বেৰমান আলী আহমেদ, কংগ্ৰেছী বিধায়ক।
ৰূপক শৰ্মা, বিজেপি বিধায়ক।
কমলী বসুমতাৰী, বিপিএফ।
দুৰ্গা ভুমিজ, কংগ্ৰেছ।
উত্পল বৰা, বিজেপি।
গণেশ লিম্বু, বিজেপি।
বিনোদ হাজৰিকা, বিজেপি।
অনন্ত কুমাৰ মালৌ, এ আই ইউ ডি এফ।
ছাহাবুদ্দিন আহমেদ,এ আই ইউ ডি এফ।
ইফালে চৰ-চাপৰিৰ সংস্কৃতি সংৰক্ষণৰ বাবে সংগ্ৰহালয় স্থাপনৰ পৰামৰ্শ আগবঢ়োৱা কমিটীত নাম থকা বিধায়ক পদ্ম হাজৰিকাই আজি সংগ্ৰহালয়ৰ বিৰুদ্ধে শ্বেয়াৰ কৰিছিল ফেচবুক পোষ্ট। সেইদৰে মিঞা সংগ্ৰহালয়ৰ বিতৰ্ক আৰম্ভ হোৱাৰ সময়ৰ পৰাই বিজেপিয়ে বিষয়টোৰ জৰিয়তে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে বুলিও অভিযোগ কৰিছে কংগ্ৰেছী বিধায়কজনে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|