কংগ্ৰেছ আৰু AIUDFক তীব্ৰ সমালোচনা অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত নিৰ্বাচনী সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ আৰু AIUDFক অসমৰ মহা শত্ৰু আখ্যা দিয়ে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'এনে মহাশত্ৰুক অসমৰ পৰা চিৰবিদায় দিব লাগিব। কংগ্ৰেছে বিভাজনৰ ৰাজনীতি কৰিছে। কংগ্ৰেছৰ শাসনকালত কেৱল দুৰ্নীতি, ভ্ৰষ্টাচাৰহে হ'ল।'
![]()
মুখ্যমন্ত্ৰী সোণোৱালে লগতে কয় যে, 'টকা-পইচা নিদিলে কংগ্ৰেছৰ সময়ত কোনো কাম হোৱা নাছিল। বাংলাদেশৰ পৰা অবৈধ বিদেশী আনি অসমত সংস্থাপিত কৰিলে, যাৰ বাবে অসমৰ সমাজ ব্যৱস্থাই অস্তিত্বৰ সংকটত ভুগিবলীয়া হৈছিল। আমি খিলঞ্জীয়া ৰাইজক ভূমিপট্টা দি জাতি-মাটি ভেটিৰ সুৰক্ষা কৰিলো। বিজেপিয়ে ৫ বছৰত ৰাইজক মৰ্যদা সহকাৰে জীয়াই থাকিবলৈ সহায় কৰিলে। আমাৰ চৰকাৰৰ কোনো বৈষম্যমূলক নীতি নাই । আমাক সকলোৱে আস্থাত লৈছে। আমি অসমত সুশাসন প্ৰতিষ্ঠা কৰিছো। সমাজৰ প্ৰতিজন লোকে নিজ প্ৰাপ্য অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমি ভাল কাম কৰিবলৈ আহিছো, আমি ভাল কাম কৰি যাম, ভাল কামেৰে ভাল সমাজ পুনৰবাৰ গঢ়িম।'
সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱালে ৰঙাপৰা সমষ্টিৰ বিজেপি, অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী কৃষ্ণকমল তাঁতীক এক লাখ ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ উপস্থিত ৰাইজক আহ্বান জনায়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|