২০২৬ চনৰ ভিতৰত অসমত বন্ধ হ’ব বাল্য বিবাহ (Child Marriage)। আজি বিধানসভাত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)। বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ (Kamalakshya Dey Purkayastha) এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
২০০৬ চনৰ বাল্য বিবাহ প্ৰতিৰোধী আইনমতে কিয় ইমান দিনে কাম কৰা নাছিল, POCSO আইন কিয় লগাইছে বুলি সদনত প্ৰশ্ন উত্থাপন কৰে কমলাক্ষ দে পুৰকায়স্থই। বিধায়কজনৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘CDPOসকল নিযুক্তি দিয়া হৈ আছে৷ POCSO আইনত লিখা আছে যে কেনেকৈ প্ৰযোজ্য হ’ব৷ ১৬ৰ বছৰৰ তলৰ ছোৱালীক হাত দিব নোৱাৰে৷ স্বামীও নাবাচে৷ ১৪ বছৰ জে’ল হ’ব৷’’
POCSO গোচৰ সন্দৰ্ভত হাই ক’ৰ্টে আমাক কোনো সমালোচনা কৰা নাই বুলিও কয় ড০ হিমন্ত বিশ্ব শৰ্মাই৷ বাল্য বিবাহ সন্দৰ্ভত ৯০ শতাংশই শাস্তি পাব বুলি আমি ভাবো বুলি কয় মুখ্যমন্ত্ৰীয়ে৷
মুখ্যমন্ত্ৰীয়ে বিধানসভাত কয়, ‘‘২০২৬ৰ ভিতৰত বাল্যবিবাহ আমি বন্ধ কৰিম৷ ২০০ কোটি টকা বাজেটত ধাৰ্য কৰিম৷ প্ৰতিটো বাল্যবিবাহ গোচৰত আমি অধিবক্তা দিম৷ প্ৰতি তিনি মাহৰ মূৰে মূৰে অভিযান চলাম৷ বাল্যবিবাহ বন্ধ কৰিম৷ স্কুলৰ একে বেন্সত বহা ছোৱালী এজনী হঠাতে নহা হ’লে যদি গম পাই যে তাইক বিয়া দিয়া হৈছে গোপনে, লগৰ ছোৱালীয়ে আমাক ফোন কৰি জনাব পাৰিব৷’’
মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘চেঙা, বাঘবৰত ২৩ বছৰীয়া ছোৱালীয়ে কোলাত দুটা বাচ্চা, আগফালে দুটা বাচ্চা লৈ মিটিঙলৈ আহে৷ সন্দিকৈ কলেজত ছোৱালীয়ে ২৩ বছৰত প’ষ্ট গেজুৱেট কৰে৷’’
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 20, 2023, 11:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।