পঞ্চদশ অসম বিধানসভাৰ প্ৰথম খন অধিবেশনৰ আজি অন্তিম দিন। অন্তিম দিনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণ ৰাখে।
পঞ্চদশ অসম বিধানসভাৰ প্ৰথম খন অধিবেশনৰ আজি অন্তিম দিন। অন্তিম দিনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণ ৰাখে।
পঞ্চদশ অসম বিধানসভাৰ প্ৰথম খন অধিবেশনৰ আজি অন্তিম দিন। অন্তিম দিনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণ ৰাখে। ভাষণ প্ৰসংগত অখিল গগৈৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গ'ল মুখ্যমন্ত্ৰীগৰাকীক। মুখ্যমন্ত্ৰীগৰাকীৰ মতে, 'কোৰোণাৰ প্ৰটকল ৰক্ষা কৰি অখিল গগৈক আহল বহলকৈ বাছত অনা হৈছিল। অখিল গগৈ এতিয়া এগৰাকী ৰোগী। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিত্সাধীন হৈ আছে। গতিকে পেচেণ্ট এজনক চিটিবাছত নানি ক'ত আনিম?'
ইফালে অখিল গগৈয়ে শপত গ্ৰহণ কৰি প্ৰতিগৰাকী বিধায়কৰ কাষলৈ যোৱাৰ প্ৰসংগত কটাক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'সদনলৈ আহি অখিল গগৈয়ে প্ৰতিখন আসনলৈ গৈ কথা পতাটোত মই ভাবিবলৈ বাধ্য হৈছিলো যে, অখিলে কোভিড বিলাবলৈ আহিছে নেকি? সদনলৈ আহি ইজনৰ পিছত আনজনৰ কাষলৈ যোৱাটোৱেই তেওঁৰ বেমাৰ। জিএম চি এইছ ত সোধোতে মোক কৈছে তেওঁৰ এইটোৱেই বেমাৰ।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|